সংকটত ছলমান খান::কৃষ্ণসাৰ চিকাৰ গোচৰত ছুপ্রিম ক'ৰ্টৰ জাননী

বলিউডৰ অভিনেতা ছলমান খানক ১৯৯৮ চনৰ ৰাজস্থানৰ কৃষ্ণসাৰ চিকাৰ গোচৰত সমস্যাই লগ এৰা দিয়া নাই।কালি উচ্চতম ন্যায়ালয়ে গোচৰটোৰ এটা নতুন মোৰ দি অভিনেতা গৰাকীৰ বিৰুদ্ধে এখন জাননী জাৰি কৰে। চিকাৰ সম্বন্ধীয় দুটা গোচৰত অভিনেতাজনক দোষমুক্ত ন্যায়ালয়ে কৰাক প্রত্যাহ্বান জনাই ৰাজস্থান চৰকাৰে দাখিল কৰা এখন আবেদন সম্পৰ্কত শীর্ষ আদালতে এই জাননী জাৰি কৰে। উল্লেখ্য যে,১৯৯৮ চনৰ ২৬ আৰু ২৮ ছেপ্টেম্বৰত এখন চিনেমাৰ শুটিঙৰ সময়ত ৰাজস্থানত ছলমান খানে দুটা কৃষ্ণসাৰ চিকাৰ কৰা বুলি অভিযোগ উঠিছিল।



Share on Google Plus

About Unknown

0 comments:

Post a Comment