ভাৰতত আছে ২ কোটি বাংলাদেশী ::কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী কিৰেণ ৰিজিজুৰ চাঞ্চল্যকৰ তথ্য


সমগ্ৰ দেশতে ভৰি আছে অবৈধ বাংলাদেশী। কোনাে বৈধ তথ্যপতি নােহােৱাকৈ -- বাংলাদেশৰ নাগৰিকে সমগ্ৰ দেশজুৰি থিতাপি লৈ স্বাভাৱিক জীৱন যাপন কৰি আছে। দেশব্যাপী ভৰি থকা এই অবৈধ বাংলাদেশীৰ সংখ্যা প্রায় দুই কোটি।এই তথ্য ৰাজহুৱা কৰিছে স্বয়ং কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী কিৰেণ ৰিজিজুৱে। কালি উচ্চ সদন ৰাজ্যসভাৰ মজিয়াত এক প্রশ্নৰ লিখিত উত্তৰ দি কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী কিৰেণ ৰিজিজুৱে দেশত দুই কোটি বাংলাদেশীৰ অনুপ্ৰৱেশ দেশৰ বিভিন্ন প্রান্তত প্রায় দুই কোটি অবৈধ বাংলাদেশী নাগৰিক আছে বুলি মন্তব্য কৰে। ৰাজ্যসভাৰ সাংসদ ঝর্ণ দাস বৈদ্যৰ প্রশ্নৰ উত্তৰত এই সংখ্যা প্রকাশ কৰিলেও কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা অবৈধ বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশ কৰি গোপন আৰু কৌশলেৰে এনেদৰে মিলি যায় যে দেশৰ কোনখন ৰাজ্যত কিমানসংখ্যক এই ধৰণৰ বাংলাদেশী আছে, তাক সঠিককৈ ক’ব নোৱাৰি। অবৈধ বাংলাদেশী দেশৰ কোনখন ৰাজ্যত কিমানসংখ্যক আছে, তাৰ তথ্যও সঠিককৈ দিব পৰা নাযায়। তদুপৰি ভাৰতত অবৈধভাৱে বসবাস কৰি থকা বিদেশী নাগৰিকক বিতাড়নৰ প্রক্রিয়া ধাৰাবাহিকভাৱে চলাই অহা বুলি সদনৰ মজিয়াত উল্লেখ কৰে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment