মনৰ খিৰিকী খুলো আহক আত্মাৰ শান্তিৰ বাবে :::

           ----- ডঃ ছবি গগৈ----
খিৰিকী এখন লাগে ৷ এটা কোঠাত এখন খিৰিকী লাগে ৷ পোহৰ আৰু বতাহ সোমাবলৈকে লাগে ৷ খিৰিকী নথকা কোঠাটোক কি বোলোঁ বাৰু ? হয় জেইলৰ চেল নহয় গোদাম ৷ নহয় জানো ? সুন্দৰকৈ সজা ঘৰ এখনত আকৌ খিৰিকীবোৰ ডাঙৰকৈ দিয়ে আৰু এখন নহয়, কেইবাখনো খিৰিকী দিয়ে ৷ নিশ্চয় মন কৰিছে ৷ বেছি পোহৰ, বেছি বতাহ আৰু তাৰ লগতে কোঠাটোৰ সৌন্দৰ্যবৰ্দ্ধন- এয়াই লক্ষ্য ৷ কোঠাটো সুন্দৰ হ'লে তাত থাকি শান্তি অনুভৱ হয় ৷এইকন শান্তিৰ বাবেই মানুহে ডাঙৰ অংক এটাও কৰিবলগীয়া হয় ৷ হয় , জীৱনৰ শান্তি বিচাৰিয়েই মানুহে কোটি টকা খৰচ কৰিবলৈকো কুণ্ঠাবোধ নকৰে ৷ এইখিনিতেই এটা প্ৰশ্ন উদয় হয় ৷ যাৰ টকা নাই, যি কোটিপতি নহয়, লাখপতি নহয়- তেওঁলোকৰ শান্তি নাই নেকি ? আছে ৷ বৰঞ্চ বেছিহে আছে ৷ তেন্তে ? এই শান্তি ক'ৰপৰা আহে ? শান্তি অহাৰ পথ বহুত আছে ৷ বিভিন্নজনৰ বাবে এই পথো বিভিন্ন হ'ব ৷ কিন্তু যি পথ বা যি কৌশলেই ব্যৱহাৰ নকৰক কিয় , এটা সৰু অথচ অতি গুৰুত্বপূৰ্ণ কথা পাহৰিলে সকলো পথ আৰু কৌশল বিফল হয় ৷ কি এই বিফলতাৰ পাছফালে থকা সৰু কথাটো ?

এখন খিৰিকী ৷ হয় । সম্পৰ্কৰ মাজত থকা এখন খিৰিকী ৷ এই খিৰিকী খন কাটিবলৈও পাহৰা যায়, কাটিলেও খুলি ৰাখি মুকলি বতাহ আৰু পোহৰ অহাৰ সুৰুঙা ৰাখিবলৈ পাহৰি থকা হয় ৷ সম্পৰ্ক সুদৃঢ় কৰিছোঁ বুলি ভাবি ওলোটাই এই খিৰিকীখন নিকপকপীয়াকৈ বন্ধহে কৰি থৈ এটা ডাঙৰ ভুল কৰি পেলোৱা হয় ৷ ফলত সম্পৰ্কবোৰ একোটা বন্ধ চেললৈ ৰূপান্তৰ হয় আৰু জীৱন অশান্তিৰে ভৰি পৰে ৷ এনে  জীৱনত কোটি টকায়ো শান্তি আনি দিব নোৱাৰে ৷

সম্পৰ্ক কাৰ মাজত হয় ?

দুজনৰপৰা বহুজন ব্যক্তিৰ মাজত হয় ৷ অকলেতো সম্পৰ্ক নহয় ৷ প্ৰতিজন ব্যক্তিৰে একোটা ব্যক্তিত্ব থাকে ৷ ব্যক্তিত্বই ব্যক্তিৰ আত্মা ৷ সেয়ে প্ৰত্যেক ব্যক্তিয়ে নিজৰ ধৰণে জীৱনটো বিচৰাটো অতি স্বাভাৱিক কথা ৷ আত্মাক বন্দী কৰি কোনেও জীয়াই থকাটো পচন্দ নকৰে ৷ আত্মাৰ মুক্তিয়েই ব্যক্তি-স্বাধীনতা (আত্মা বুলি বেলেগ এটা আধ্যাত্মিক বা অতিলৌকিক বস্তু এটা নাই বুলিয়েই ভাবোঁ) ৷ গতিকে সম্পৰ্কৰ মাজতো মুকলি বিনিময় ঘটিব পৰা, আত্মাই মুকলিমূৰীয়া অনুভৱ কৰিব পৰা, জীৱন আৰু জগতৰ বিভিন্ন আৰু বিচিত্ৰ পোহৰ সোমাব পৰা এখন খিৰিকী ৰখাটো নিতান্ত প্ৰয়োজনীয় প্ৰসংগ ৷ সম্পৰ্কৰ মাজত এই খিৰিকী কেনেকৈ সজা যায় ? তাৰ কেইটামান জোখ-মাখ আছে ৷

১. বিশ্বাস: প্ৰথম জোখটোৱেই হ'ল পাৰস্পৰিক বিশ্বাস ৷ বিশ্বাস স্থাপনৰ পাছতহে কাৰোবাৰ লগত সম্পর্ক স্থাপন কৰা হয় ৷ কিন্তু লাহে লাহে এই বিশ্বাস নোহোৱা হয় ৷ এজনে আনজনক সন্দেহৰ চকুৰে চায় ৷ এই সন্দেহ বাঢ়ি যায় আৰু পাছলৈ বিভিন্ন ধৰণৰ হিংসাত্মক চৰিত্ৰৰ বাহ্যিক প্ৰকাশ ঘটে ৷ বিশ্বাস স্থাপনৰ পাছত বিশ্বাস কৰাটো যিমান দৰকাৰী, বিশ্বাস ৰখাটোও সিমানেই দৰকাৰী ৷

২. আত্মবিশ্বাস:  আনক বিশ্বাস কৰিব নোৱৰাৰ মূল কাৰণটো হ'ল নিজৰ মাজত বিশ্বাসৰ অভাৱ ৷ নিজে নিজক বিশ্বাস কৰিব পৰাটোকে আত্মবিশ্বাস বোলে ৷ নিজৰ ওপৰত বিশ্বাস থাকিলে আনক অবিশ্বাসী বুলি ভাবিব নাজানে ৷ প্ৰত্যেকৰ মাজত যদি আত্মবিশ্বাসৰ ভেঁটিটো শকত হয় তেন্তে অবিশ্বাস বোলা কথাটো নাথাকিবগৈয়ে ৷ অপৰাধীয়ে বিশ্বাসঘাটকতা কৰে , সেয়া এক বেলেগ প্ৰসংগ ৷ কিন্তু সকলোতো অপৰাধী নহয় ! প্ৰথমতে নিজক বিশ্বাস কৰিবলৈ শিকিব পাৰিলেহে আনক বিশ্বাসত ল'ব পাৰি ৷ গতিকে এইটোও আন এটা জোখ ৷

৩. পাৰস্পৰিক বুজাবুজি:  সম্পৰ্ক স্থাপনৰ পাছত পৰস্পৰৰ মাজত বুজাবুজি থাকিবই লাগিব ৷ কেনেকৈ ? এৰা-ধৰা কৰি ৷ আগতেই কৈছোঁ যে প্ৰত্যেকেই এজন ব্যক্তি ৷ এই কথা পাহৰিলে নহ'ব ৷ পুৰুষ-মহিলা উভয়ে একোজন ব্যক্তি হোৱাৰ বাবে ব্যক্তিত্বৰে সৈতে প্ৰত্যকেই জীয়াই থাকিবলৈ বিচাৰিবই ৷ গতিকে পৰস্পৰে পৰস্পৰৰ এই ব্যক্তিত্বক সন্মান কৰিবই লাগিব ৷ তাকে কৰিবলৈ যাওঁতে পৰস্পৰে পৰস্পৰৰ বাবে কিছু এৰা-ধৰা কৰিব লাগিব ৷ আকোৰগোজ হৈ এজনক হেয় কৰা বা কোনোবা এজনে আনজনৰ বাবে নিজৰ ব্যক্তিত্ব ত্যাগ কৰিব বুলি আশা কৰাটোৱেই হৈছে আটাইতকৈ ভুল চিন্তা ৷ সম্পর্কৰ মাজত শান্তি বাহাল ৰাখিবৰ বাবেই কোনোবা এজনে নিজৰ ব্যক্তিত্ব ত্যাগ কৰি আনজনৰ ব্যক্তিত্বকে আকোৱালি লোৱা বা বশ্যতা স্বীকাৰ কৰাৰ ঘটনাই সৰহ হ'ব ৷ কিন্তু এনে শান্তি একপক্ষীয়হে ৷ আন এটা পক্ষই মানসিক অশান্তিৰ গৰল পান কৰি জীৱনক গোপনে বিষময় কৰি পেলায় ৷ সচেতন নহ'লে এই অশান্তি চকুতেই নপৰে ৷ গতিকে ইয়ো এটা জোখ ৷

৪. উদাৰ দৃষ্টিভংগী:  এটা বহল মন আৰু বহলকৈ চিন্তা কৰিব পৰা এখন অন্তৰ লাগিবই সম্পর্কৰ স্থায়ীত্বৰ বাবে ৷ সৰু সৰু কথা, ঠেক গণ্ডীৰ চিন্তাই মানুহক সংকীর্ণতাৰ শিকলীৰে বান্ধি বন্দী সজাই থয় ৷ মন ডাঙৰ হ'লেহে জীৱনটো প্ৰকৃততে উচ্চ চিন্তাৰে সজাই তুলিব পাৰি ৷ ইয়াৰ বাবে শিক্ষা লাগিবই বুলি কোনো কথা নাই ৷ মন মনেই ৷ মনত যদি আন্ধাৰ থাকে তেন্তে হাজাৰ শিক্ষায়ো তাক পোহৰাব নোৱাৰে ৷ মনৰ আন্ধাৰ অর্থাৎ সংকীর্ণতা দূৰ কৰিবলৈ অন্তৰখনক পৱিত্ৰ কৰি ৰাখিব লাগিব ৷ নিজৰদৰেই সকলোকে অনুভৱ কৰিব লাগিব, নিজৰদৰেই সকলোকে গুৰুত্ব দিব লাগিব, নিজক দিয়া সন্মানেই আনকো দিব লাগিব, আনৰ সুখ-দুখ অনুভৱ কৰিব পাৰিব লাগিব ৷ তেতিয়াহে দৃষ্টিভংগী গঢ় লৈ উঠিব উদাৰতাৰে ৷

৫. ধৈৰ্য: ধৈৰ্যক সুখী জীৱনৰ খিৰিকীখন সজাত শেষ গাঁথিটো বা খিলিটো বুলিও ক'ব পাৰে ৷ ধৈৰ্য ধৰিলে সকলো শান্ত হয়, শুভ হয়, সমাধান ওলায় ৷ কিন্তু অধৈৰ্য হ'লে এটা সুস্থ পৰিৱেশ বিনষ্ট হয় ৷ সম্পর্কৰ মাজত সমতা ৰক্ষাৰ বাবেও ধৈৰ্যৰ অতি প্ৰয়োজন ৷ সকলো কাম, কথা আৰু প্ৰতিক্ৰিয়াৰ বাবে একোটা নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন হয় ৷ সেই সময় দিবই লাগিব ৷ আনকি ভুল উপলব্ধি কৰিবলৈও সময় দিব লাগিব ৷ ক্ষমা খুজিবলৈও সময় দিব লাগিব ৷ পৰিস্থিতি বিনষ্ট হ'লে তাক সুস্থিৰ হ'বলৈও সময় দিব লাগিব ৷ সময় মানেই ধৈৰ্য ৷ গতিকে সাপে খুঁটিলে ধৰণী ধৰাৰ দৰে জীৱন আৰু সম্পর্কত আহুকাল আহিলেও ধৰণী ধৰিবই লাগিব ৷ অন্যথা জীৱন, সপোন, বাস্তৱ, সম্পৰ্ক আদি সকলো ভগ্ন হোৱাৰে সম্ভাৱনা অধিক ৷

এইকেইটা জোখ-মাখেৰে খিৰিকী সাজিব নোৱাৰিলে জীৱন আৰু জীৱনৰ বিভিন্ন সম্পর্কবোৰ একো একোটা বোজালৈ ৰূপান্তৰ হয় ৷ তেতিয়াই জীৱনটো অশান্তিৰ বাহ হৈ পৰে ৷ মানুহে কম্প্ৰমাইজ কৰি কৰি ভাগৰি পৰে ৷ হতাশাই হেঁচি ধৰে ৷ সোনকালে বয়সেও হেঁচি ধৰে ৷ অসুখীয়া হৈ উঠে- শাৰিৰীক আৰু মানসিক দুয়ো দিশত ৷ গতিকে খিৰিকীৰ বৰ দৰকাৰ এটা সুস্থ জীৱনৰ বাবে, এটা সুস্থ সম্পর্কেৰে জীৱন সুন্দৰ আৰু শান্তিপূৰ্ণ কৰিবৰ বাবে ৷ সম্পৰ্কৰ মাজেৰে অনুভৱ আৰু উপলব্ধিবোৰ বতাহ আৰু পোহৰৰদৰে চলাচল কৰিলেহে জীৱনটো স্বাস্থ্যকৰ হয় । এইখন খিৰিকী নিজৰ উদাৰ-আৱেগিক চৰিত্ৰ গঠনেৰেহে সাজিব পাৰি, টকাৰে বা শিক্ষাৰে নোৱাৰি ৷ শিক্ষাৰে মগজুৰ ওপৰত পৰি থকা ধূলি আঁতৰাব পাৰি ৷ শিক্ষাৰে শিক্ষিত হ'ব পাৰি । সেই শিক্ষাৰপৰা জ্ঞান ল'বলৈ এই খিৰিকীখনৰ বৰ প্ৰয়োজন । শিক্ষাৰে উদাৰ-আৱেগিক চৰিত্ৰ গঠন কৰিব নোৱাৰি, জ্ঞানৰ অনুশীলনেৰেহে চৰিত্ৰ গঠন কৰিব পাৰি । জ্ঞান কেৱল শিক্ষাতে নাথাকে , ল'ব জানিবহে লাগে । এখন খিৰিকীৰ অভাৱে শিক্ষাক জ্ঞানলৈ ৰূপান্তৰ হোৱাতো বাধা দিয়ে । টকাৰে পাৰ্থিৱ সম্পদহে গোটাব পাৰি ৷ টকাৰে অপাৰ্থিৱ-আত্মিক সুখ আৰু শান্তি গোটাব নোৱাৰি ৷ আহক আমাৰ খিৰিকীবোৰ বহলকৈ খুলি দিওঁ- আত্মাৰ শান্তিৰ বাবে ; ব্যক্তিত্বৰ প্ৰকাশৰ বাবে ৷ ০০০

Share on Google Plus

About Unknown

0 comments:

Post a Comment