গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে কালি পাটৰকুছিৰ এটা ঘৰৰ পৰা এটা নকল টকা বনোৱা মেচিনৰ লগতে এই কামত ব্যৱহাৰ কৰা কিছু সামগ্ৰী উদ্ধাৰ কৰে। ঘৰটােৰ পৰা আৰক্ষীয়ে টকা বনোৱা মেচিনটােৰ উপৰি উদ্ধাৰ কৰে এটা টকা গণনা কৰা মেচিন, তিনি বাণ্ডিল টকা বনোৱা পেপাৰ, আঠটা কেমিকেলৰ টেমা, ১১টা বিভিন্ন প্রকাৰৰ ৰঙৰ বটল আৰু চাৰি টােপোলা শুকান পাতজাতীয় সামগ্ৰী।। তদুপৰি আৰক্ষীয়ে ঘৰটােৰ পৰা দুখন ৫০০, এখন ১০০ আৰু এখন ১০০০ টকীয়া নকল নোট উদ্ধাৰ কৰাৰ লগতে এখন ১০০ ডলাৰৰ আমেৰিকান নোট উদ্ধাৰ কৰে। অৱশ্যে ঘটনাৰ লগত জড়িত কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে ঘৰটােৰ গৰাকী ৰতনলাল আমুরে ঘৰটাে ভাৰা দিয়া অমৰজ্যোতি নাথক বিচাৰি অভিযান আৰম্ভ কৰিছে। সমান্তৰালভাৱে সম্প্রতি পলাতক ভাৰাতীয়া কৃষ্ণকান্ত শৰ্মা আৰু অণু দেৱীৰ সন্ধানতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৪৩/৪৪৭ আৰু ভূমি বেদখল সংক্রান্তীয় আইন ২০১০ৰ অধীনত ১২২৭/১৬ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment