ক’লা ধনতো ছাৰ্জিকেল ষ্ট্ৰাইক মোদীৰ :: শংকিত পাকিস্তান



হঠাতে ৫০০ আৰু ১০০০টকীয়া নোট্ বন্ধ কৰি নতুন মুদ্রানীতিৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী অভিযান আৰম্ভ কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। যিয়ে পাকিস্তানক শংকিত কৰি তুলিছে। — এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙৰ।সিঙে এই মন্তব্য কৰি কয় যে ৫০০ আৰু ১০০০ টকীয়া নােটে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰাসকলক শক্তি দি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উক্ত দুই ধৰণৰ নোট নিষিদ্ধ কৰি সেই শক্তি কাঢ়ি আনিলে। পাকিস্তানত ভাৰতীয় জােলনোট ছপা কৰি সেইবোৰ ভাৰতত বিয়পাই দি অর্থনীতি বিধ্বস্ত কৰি আহিছে। প্রধানমন্ত্রী মোদীয়ে দুনীতিৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰা বুলি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে উল্লেখ কৰি কয় যে প্রধানমন্ত্রীৰ এই ঐতিহাসিক সিদ্ধান্তই কিছুদিনৰ বাবে দেশবাসীক অসুবিধাৰ সন্মুখীন কৰিলেও নিশ্চিতভাৱে ইয়ে পিছলৈ অর্থনৈতিকভাৱে সৰ্বশক্তিমান হােৱাত দেশক সহায় কৰিব।



Share on Google Plus

About Unknown

0 comments:

Post a Comment