বেংকত পুৱাৰে পৰা দীঘলীয়া শাৰী, আৰম্ভ হ’ল লেনদেন:: আজি খুলিব এ টি এম



এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে দেশৰ বেংক সমুহত । প্রায় ২৪ ঘণ্টাৰাে অধিক সময় প্ৰতিটাে এ টি এম আৰু বেংকৰ লেনদেন বন্ধ হৈ থকাত একপ্ৰকাৰ বিপদত পৰা গ্রাহক ৰাইজে কালি পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোট সলনি কৰি হাতলৈ ধন অনাৰ বাবে বেংকসমূহত উবুৰি খাই পৰে। দেশৰ । আন প্রান্তৰ লগতে অসমৰাে প্ৰতিটাে বেংকত কালি প্রচলন কৰা নতুন নোটৰ বাবে গ্ৰাহকে কাহিলীপুৱাৰে পৰা ভিৰ কৰে। উল্লেখ্য যে ৰিজাৰ্ভ বেংকে বান্ধি দিয়া নিয়ম অনুসৰি প্ৰতিজন লোকে চাৰি হাজাৰ টকা সলনি কৰিব পাৰে। সেইমৰ্মে বেংকসমূহে প্ৰতিজন গ্রাহকক পুৰণি নােটৰ পৰিৱৰ্তে নতুনকৈ ছপা হৈ অহা ২০০০ টকীয়া নােট আৰু বিশখন এশটকীয়া নােট যোগান ধৰে। ২০০০ টকীয়া নোট লৈ উৎফুল্লিত হৈ পৰিছে একাংশ গ্রাহক। একেদৰে প্রধানমন্ত্রী মোদীৰ নতুন মুদ্রানীতিক প্রশংসাও কৰিছে বহুজনে। মন কৰিবলগীয়া দিশটাে হ’ল যে মঙলবাৰে প্ৰধানমন্ত্রীয়ে ৫০০ আৰু ১০০০ টকীয়া নোটৰ প্ৰচলন বন্ধৰ বাবে কৰা ঘোষণাৰ পাছত কালি বজাৰ তথা ব্যৱসায়িক প্রতিষ্ঠানত যি অচলাৱস্থাৰ সৃষ্টি হৈছিল, সেই পৰিৱেশৰ আজি বহু পৰিমাণে মুক্ত হােৱা দেখা গৈছে।ইফালে, আজিৰে পৰা এ টি এমসমূহ খোলাৰ ব্যৱস্থা কৰাত ৰাইজ যথেষ্ট সকাহ লাভ কৰিছে। ভাৰতীয় ষ্টেট বেংক কর্তৃপক্ষই প্রকাশ কৰা অনুসৰি এ টি এমসমূহত গ্রাহকে বিচৰা ধৰণে পর্যাপ্ত খুচুৰা টকা উলিয়াব পাৰিব। প্ৰতিটো এ টি এমত গ্রাহকে এশটকীয়া নোট লাভ কৰিব। ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজৰ সংকট যথেষ্ট আঁতৰিব বুলিও বেংক কর্তৃপক্ষই উল্লেখ কৰিছে। বেংকৰ লেনদেনৰ সময়সীমা বৃদ্ধি নতুন মুদ্রািনীতিৰ ফলত সৃষ্টি হােৱা পৰিস্থিতি চম্ভালিবলৈ বেংকসমূহৰ লেনদেনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুৰােধমৰ্মে বেংকসমূহে লেনদেনৰ সময় দুঘণ্টাকৈ বৃদ্ধি কৰিছে। সেইমৰ্মে ভাৰতীয় ষ্টেট বেংকে লেনদেন সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰিছে। 



Share on Google Plus

About Unknown

0 comments:

Post a Comment