
ৰাজ্যত ওলাইছে নকল ১০ টকাৰ মুদ্রা ! জনসাধাৰণৰ মাজত বনজুইৰ দৰে বিয়পি পৰা এনে বাতৰিক লৈ এতিয়া শংকিত হৈ পৰিছে একাংশ গ্রাহক | ১০ টকাৰ মুদ্রা নকল বুলি এটা দুষ্টচক্রই উৰাবাতৰি সৃষ্টি কৰি শ’লঠেকত পেলাইছে সাধাৰণ জনতাক। ফলত গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য প্রান্তত অচল হৈ পৰিছে ১০ টকা মুদ্ৰাৰ প্ৰচলন। এনে উৰা বাতৰিৰ খবৰ পায়ে সোমবাৰে ১০ টকীয়া মুদ্রা দিবলৈ ৰিজার্ভ বেংকত ভিৰ কৰে একাংশ গ্রাহকে। গ্রাহকসকলৰ অভিযোগ— বছৰ বছৰ ধৰি তেওঁলোকে সাঁচি থোৱা মুদ্রা নলয় দোকানী, বাছ কণ্ডাক্টৰকে ধৰি ৰিক্সাচালকেও। কিন্তু ৰিজাৰ্ভ বেংক কর্তৃপক্ষই গ্রাহকে লৈ অনা মুদ্রা দিবলৈ অমান্তি হয়। কাৰণ বেংক কর্তৃপক্ষৰ মতে এতিয়াও বন্ধ হােৱা নাই ১০ টকীয়া মুদ্ৰাৰ প্ৰচলন। এনে বাতৰি প্রশ্ৰয় নিদিবলৈ জনসাধাৰণক আহ্বান জনাইছে ৰিজাৰ্ভ বেংক কর্তৃপক্ষই। লগতে জনায় যে ১০ টকীয়া মুদ্রা কোনো ব্যৱসায়ীয়ে গ্রহণ নকৰাটাে আইন মতে দণ্ডনীয়। সেয়ে ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছে বেংক কর্তৃপক্ষই।
0 comments:
Post a Comment