যিটাে সময়ত ৰাজ্যখনত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা সামাজিক অশান্তি, মাৰপিট, দুর্ঘটনা, যুৱ উচ্ছংখলতাৰ অন্যতম কাৰক হিচাপে সুৰাৰ অবাধ প্রচলনেই চিহ্নিত হৈছে, তেনে সময়তে একমাত্ৰ ৰাজহপ্রাপ্তিৰ বাবে চৰকাৰে এইবাৰ মাজনিশালৈ সুৰা সহজলভ্য কৰাৰ হঠকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে বর্তমান সুৰা বিপণীৰ লগতে বাৰসমূহ দিনৰ ২ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকে। কিন্তু ২০১৬ৰ অসম আবকাৰী বিধি অনুসৰি হােটেল, ৰেস্তোৰী, ক্লাবৰ লগত সংলগ্ন সুৰা বিপণী (বাৰ) এতিয়াৰ পৰা দিনৰ ১২ বজাৰ পৰা নিশা ১০ বজালৈ খোলা ৰাখিব পাৰিব। উক্ত বিধি অনুসৰিয়েই সংশ্লিষ্ট বাৰসমূহ নিশা ১২ বজালৈও খোলা ৰাখিব পাৰিব। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে পৃথক মাচুল জমা দি 'লেট ক্ল’জিং লাইচেন্সী’ অর্থাৎ নিশা পলমকৈ বন্ধ কৰাৰ অনুজ্ঞা-পত্ৰ ল’ব লাগিব। তদুপৰি এই আবকাৰী বিধিয়ে একাংশ বাৰক অস্থায়ীভাৱে মাজনিশালৈ সুৰা বিক্ৰীৰ সুবিধা দিছে। ইয়াৰ বাবে সংশ্লিষ্ট বাৰে প্ৰতিদিনে পাঁচ হাজাৰ টকাকৈ আবকাৰী বিভাগক অতিৰিক্ত ৰাজহ আদায় দিব লাগিব। সর্বাধিক তিনি দিনৰ বাবেহে এখন বাৰে এই অস্থায়ী লেট ক্ল’জিং লাইচেন্স লাভ কৰিব। আবকাৰী বিভাগৰ এক সূত্র মতে, ‘লেট ক্ল’জিং লাইচেন্স” লাভৰ বাবে এখন বাৰে আবকাৰী বিধি অনুসৰি আবেদন কৰাৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ পৰা এন অ’ চি অর্থাৎ আপত্তিবিহীন প্রমাণ-পত্ৰ আনিব লাগিব। সূত্ৰটােৱে জানিবলৈ দিয়া মতে, গুৱাহাটী মহানগৰীৰ উপৰি ডিব্ৰুগড়কে ধৰি একাংশ জিলাৰ পৰা বহুসংখ্যক বাৰে ‘লেট ক্ল’জিং লাইচেন্স” লাভৰ বাবে আবেদন কৰিছে।
সহজলভ্য হ’ব সূৰা :: মাজনিশালৈ বাৰ খোলা ৰখাৰ হঠকাৰী পদক্ষেপ চৰকাৰৰ

0 comments:
Post a Comment