ৰাহুলেই হ’ব কংগ্ৰেছৰ সভাপতি ::কৰ্ণধাৰ সমিতিৰ গুৰুত্বপূর্ণ সিদ্ধান্ত




ৰাহুল গান্ধীক কংগ্ৰেছ দলৰ পৰৱর্তী সভাপতি হিচাপে গ্রহণ কৰিবলৈ কালি সিদ্ধান্ত লয় দলটোৰ কৰ্ণধাৰ সমিতিয়ে। নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ (চি ডব্লিউ চি) এখন গুৰুত্বপূর্ণ বৈঠকত দলৰ নেতৃবৰ্গই এই সিদ্ধান্ত লয়। বৈঠকৰ শেষত দলৰ জ্যেষ্ঠ নেতা এ কে এন্থনীয়ে সাংবাদিকক কর্ণধাৰ সমিতিৰ এই সিদ্ধান্তৰ কথা জানিবলৈ দি কয় যে দলে সন্মুখীন হােৱা এক প্রত্যাহ্বানপূর্ণ মুহুৰ্তত ৰাহুল গান্ধীৰ নেতৃত্ব জৰুৰী বুলি কর্ণধাৰ সমিতিয়ে বিবেচনা কৰিছে আৰু সেই অনুসৰিয়েই তেওঁক পৰৱতী সভাপতি হিচাপে দলটােক নেতৃত্ব দিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখনীয় যে দলৰ বর্তমানৰ সভাপতি ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱস্থা দিনকদিনে অৱনতি ঘটাত দলে এজন নতুন সভাপতি নিযুক্তিৰ কথা চর্চা কৰি আহিছিল। এন্থনীয়ে সাংবাদিকক এই কথাও জানিবলৈ দিয়ে যে ৰাহুল গান্ধীক দলৰ সভাপতি হিচাপে কৰ্ণধাৰে গ্ৰহণ কৰাৰ সিদ্ধান্তৰ কথা এতিয়া আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰা হ’ব সভানেত্রী ছোনিয়া গান্ধীলৈ আৰু ছোনিয়া গান্ধীয়ে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰি দলক অৱগত কৰিব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment