অসম লোকসেৱা আয়োগক চাকৰিৰ মুকলি বজাৰত পৰিণত কৰা ৰাকেশ পালে নিজৰ কু-কৰ্মৰ সংগী হিচাপে বাছি লৈছিল এগৰাকী সুন্দৰী মডেল-অভিনেত্রীক। তদুপৰি তেওঁৰ আটাইতকৈ বিশ্বস্ত ‘কালেকচন এজেণ্ট’ আছিল এগৰাকী পশু চিকিৎসক। আয়োগৰ অধ্যক্ষৰ আসনত বহাৰ দিন ধৰি ৰাকেশ পালে এই দুই ঘনিষ্ঠ সহযোগীৰ জৰিয়তে প্রার্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ উপৰি বিভিন্ন সংগঠনক ‘মেনেজ’ কৰালৈকে সকলো কাম সহজে সম্পন্ন কৰিছিল। তেওঁৰ এই সমস্ত দুনীতিত সহযোগ কৰি গৈছিল অসম লোকসেৱা আয়োগৰ আন দুগৰাকী সদস্যই। জেৰাত পালে কয় যে অসমীয়া ছবি জগতৰ এগৰাকী অভিনেত্রী তথা মডেলৰ সৈতে তেওঁৰ আছিল এক বিশেষ সু-সম্পর্ক। তদুপৰি লোকসেৱা আয়োগৰ দুনীতিৰ বিৰুদ্ধে সৰৱ হােৱা কেইবাগৰাকীও ব্যক্তি তথা সংগঠনক মেনেজ কৰিছিল এইগৰাকী মডেলে। আনকি ৰাকেশ পালৰ মধ্যস্থতাকাৰী হিচাপে মডেলগৰাকীয়ে কেইবাটাও সংগঠনৰ নেতৃত্বক লাখ লাখ টকা আদায় দি আহিছিল। ৰাকেশ পালৰ এই বিস্ফোৰক স্বীকাৰােক্তিৰ পাছতে অসম আৰক্ষীয়ে বিতর্কিত মডেলগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। আনহাতে, আৰক্ষীয়ে জনোৱা মতে, ডাঃ মৃগেন শইকীয়া নামৰ পশু চিকিৎসক এগৰাকীয়েও উজনি অসমত ৰাকেশ পালৰ বজাৰখনক নেতৃত্ব দিছিল। পশু চিকিৎসকৰ উপৰি অসম লোকসেৱা আয়ােগৰ বিভিন্ন পদৰ বাবে এইগৰাকী চিকিৎসকে প্রার্থৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। বৰ্তমান আত্মগোপন কৰি থকা ডাঃ মৃগেন শইকীয়া অচিৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। অসম আৰক্ষীৰ এক শীর্ষ সূত্রই জনােৱা মতে, সোঁৱে-বাঁৱে ধন সংগ্ৰহ কৰি ৰাকেশ পালে মহানগৰীৰ লগতে দেশৰ ভিন্ন প্রান্তত সীমাহীন সম্পত্তি গঢ়ি তুলিছিল। তেওঁৰ বিভিন্ন সম্পত্তিৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
Home / সুন্দৰী মডেল
/ ৰাকেশ পালৰ দুষ্কার্যৰ অন্যতম সংগী সুন্দৰী মডেল ::‘কালে কচন এজেণ্ট’ৰ ৰূপত পশু চিকিৎসক
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment