এতিয়াৰে পৰা পৰিচয়-পত্ৰৰ ফটো কপী দিব নালাগে বেংকত অচল ৫০০ আৰু ১০০০টকীয়া নোট জমা দি নতুন নোট সলনি কৰা গ্রাহকে। অকল পৰিচয়পত্ৰখন দেখুৱালেই গ্রাহকে প্রাপ্য সুবিধা লাভ কৰিব। দেশৰ বেংকসমূহলৈ এই নির্দেশনা জাৰি কৰিছে আৰ বি আয়ে। বেংকত নোট সলনি কৰিলে আঙুলিত চিয়াঁহীৰ দাগ দিয়া ব্যৱস্থা কালি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰাৰ পাছত আজি পৰিচয়বেংকে (আৰ বি আই) ঘোষণা কৰিছে। আৰ বি আয়ে বেংকসমূহলৈ প্ৰেৰিত ই-মেইলত এই নির্দেশনা স্পষ্টকৈ উল্লেখ কৰিছে। ই-মেইলত উল্লেখ কৰা মতে গ্রাহকে বেংকত উপস্থিত হৈ উপযুক্ত পৰিচয় প্রমাণ-পত্ৰ দেখুৱালেই বেংক কর্তৃপক্ষই প্রয়োজনীয় নতুন নোট প্রদান কৰিব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment