স্বাস্থ্য চিন্তা ::ডায়েবেটিছ আৰু ছালৰ সমস্যা



ডা: ধর্মকান্ত কুম্ভকাৰ ::
ডায়েবেটিছ ৰোগত আক্রান্ত প্রায় ভাগ ব্যক্তিৰে চৰ্মৰোগ হোৱা দেখা যায়। এই ৰোগত আক্রান্ত ব্যক্তিৰ ছালত গ্লাইক’জেনৰ পৰিমাণ কমি গ্লুক’জৰ পৰিমাণ অধিক হয়। অধিক গ্লুক’জ থকাৰ বাবে ছালখন বহু বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে উপযুক্ত প্রজনন ক্ষেত্ৰ হৈ পৰে। এই বেক্টেৰিয়া আৰু ভেঁকুৰবোৰে ছালখন সংক্ৰমিত কৰি ছালৰ প্ৰতিৰোধ ক্ষমতা হ্রাস কৰে। ৰক্ত সঞ্চালন দুর্বল হােৱাৰ বাবে শৰীৰে এনে ক্ষতিকাৰক বেক্টেৰিয়া আৰু ভেঁকুৰবােৰক ধবংস কৰিবলৈ সক্ষম নহয়। ছালৰ খজুৱতি, একজিমা, শুকান আৰু খহটা ছাল, ছাল সৰা আদি মুখ্য সমস্যা। উচ্চ পৰিমাণৰ গ্লুক’জে শৰীৰত ডিহাইড্রেছনৰ সৃষ্টি কৰে, ফলত ছাল শুকান আৰু খহটা হৈ পৰে। মহিলাসকলৰ জননাংগৰ চাৰিওফালে খজুৱতি হােৱাৰ লগতে গুটি গুটি ওলায়। পুৰুষৰ যৌনাংগৰ আগডোখৰত খজুৱতি হয়। নিয়মীয়াকৈ ছাল পর্যবেক্ষণ কৰি ছালৰ ৰং, আকৃতি, ছাল ডাঠ বা পাতল হ’লে, কোনো ঘা বা ফোহা হ’লে, বেক্টেৰিয়া সংক্ৰমণৰ ফাকত খজুৱালে আৰু কোনো ঘা বহুদিনলৈ ভাল নহ’লে চিকিৎসকৰ পৰামর্শ ল’ব লাগে। ডায়েবেটিছ থকা ৰােগীয়ে ছালৰ যত্ন লোৱাটাে অতি প্রয়োজনীয় কথা। সদায় মৃদু কুহুমীয়া পানীৰে গা ধুব।প্রাথমিক স্তৰ (যেনে ৰঙা পৰা, উখহি উঠা, টেমুনা আৰু ছালৰ অংশবিশেষ চুলে গৰম অনুভৱ কৰা) কৰঙনৰ চুক, যৌনাংগ আৰু মলদ্বাৰৰ অঞ্চল, কাষলতি, স্তন আৰু ভৰিৰ আঙুলিৰ গা ধুব নালাগে। গা ধোৱাৰ পিছত ভালদৰে শুকনেকৈ গা মুচিব লাগে। বিশেষকৈ ভৰিৰ আঙুলিৰ ফাক, কৰঙন চুকত যাতে পানী লাগি নাথাকে তালৈ চকু ৰাখিব লাগে। এনে অঞ্চল সেমেকি থাকিলে ভেঁকুৰ সংক্রমণ হােৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ছাল শুকাই যাবলৈ দিব নালাগে। ছাল শুকালে খজুৱতি হয় আৰু খজুৱালে ছাল ফাটি যোৱাৰ ফলত বেক্টেৰিয়াৰ সংক্ৰমণ হ’বলৈ সুবিধা পায়। ছাল শুকাই নাযাবলৈ যথেষ্ট পৰিমাণৰ জুলীয়া পদার্থ পান কৰিব লাগে। ওমেগা ৩ যুক্ত ফেটি এচিদ খাব লাগে। এয়া সাগৰীয় মাছ, মাছৰ তেল, চিয়াবিন, চীনা বাদাম আদিত পোৱা যায়। ডায়েবেটিছ ৰােগীয়ে অতি ক্ষুদ্র কটাছিঙাতো যাতে সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবে যত্ন লোৱা দৰকাৰ। সৰু-সুৰা ঘা বা কটা-ছিঙাও সঠিকভাৱে চিকিৎসা কৰিব লাগে। কঁটাৰ লগে লগে চাবোন আৰু কুহুমীয়া পানীৰে ধুই পেলাব লাগে। এলকহল বা আয়ডিন থকা এণ্টিচেপিটক লগাব নালাগে। এইবোৰ ছালে সহ্য কৰিব নোৱাৰে। কেৱল চিকিৎসকৰ পৰামৰ্শমতেহে এন্টিবায়’টিক মলম ব্যৱহাৰ কৰিব লাগে। বীজাণুনাশক বেণ্ডেজ কাপোৰ, বেণ্ডেইড আদিৰে ঘাডোখৰ ঢাকি দিব লাগে। যদিহে সাংঘাতিকভাৱে কাটে বা পোৰে: ৰঙাপাৰা, উখহি উঠা, পুজ জমা হােৱা, বিষোৱা আদি বেক্টেৰিয়া সংক্ৰমণৰ লক্ষণ শৰীৰৰ যিকোনো ঠাইত দেখা দিয়ে, অতি শীঘ্ৰে চিকিৎসকক দেখুৱাব লাগে।







Share on Google Plus

About Unknown

0 comments:

Post a Comment