
বৰপেটা জিলাৰ কলাগাছিয়া খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ‘রক প্ৰ’গ্ৰেম মেনেজাৰ’ (বি এম) হিচাপে কৰ্মৰত সৌৰভ শৰ্মা নামৰ কর্মচাৰী এগৰাকী ৩ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চল ব্যাপী তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ ৰঘুনাথ চৌধুৰী পথৰ বাসিন্দা সৌৰভ শৰ্মা ৩ নৱেম্বৰত কলগাছিয়াৰ পৰা গুৱাহাটীলৈ বুলি ওলাই গৈছিল। কলগাছিয়াৰ পৰা গাড়ীৰে বৰপেটাৰোডত নমাৰ পিছৰে পৰা শৰ্মা সন্ধানহীন হৈ পৰে। পৰিয়ালৰ লোকৰ লগতে কািলগাছিয়া খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীসকলে বহু বিচাৰ-খোচাৰ চলাইছে শৰ্মাৰ কোনো সন্ধান পাবলৈ সক্ষম হােৱা নাই। ইফালে নিৰুদ্দেশ হােৱাৰ দিনাৰ পৰাই সৌৰভ শৰ্মাৰ ম’বাইল ফোনটােও বন্ধ হৈ থকা বুলি জানিব পৰা গৈছে। এনে কাৰণতে শৰ্মাৰ পৰিয়ালৰ লগতে সহকর্মীসকল যথেষ্ট চিন্তাত পৰিছে। ইফালে শৰ্মা এনেদৰে নিৰুদ্দেশ হৈ পৰা ঘটনা সন্দৰ্ভত পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে৷ আনহাতে, সৌৰভ শৰ্মা এনেদৰে সন্ধানহীন হৈ পৰা ঘটনা সন্দৰ্ভত কলগাছিয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ নজিৰুল ইছলামে কোনো দুষ্টচত্রই শর্মাক অপহৰণ কৰাৰ সন্দেহ প্রকাশ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্র ঘটনা সন্দৰ্ভত জোৰ তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্রই প্রকাশ কৰিছে।
0 comments:
Post a Comment