আজিৰ আবেলিৰ মুখ্য বাতৰি সমূহ ::


১) অধ্যক্ষ ৰাকেশ পালক গ্ৰেপ্তাৰৰ পিছতেই খানাপাৰাৰ লোকসেৱা আয়োগৰ কাৰ্যালয় চৌহদত জ্বলাই দিলে গুৰুত্বপূৰ্ণ ফাইল। মহ খেদিবৰ বাবে কাগজ জ্বলোৱাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি APSCৰ সদস্য বসন্ত দলেৰ।
২) হিন্দু বাংলাদেশী সন্দৰ্ভত গৃহমন্ত্ৰীৰে আলোচনা কৰিবলৈ দিল্লীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। NRC উন্নীতকৰণ সন্দৰ্ভতো হ’ব আলোচনা।
৩) মহানগৰীত শুল্ক বিভাগৰ অভিযানত বৃহত্পৰিমাণৰ চীনা সামগ্ৰী জব্দ। ISBTৰ পৰা জব্দ কৰিলে ১৩টা কাৰ্টনত অবৈধভাৱে সৰবৰাহ কৰা গৰম কাপোৰ।
৪) গোলাঘাটৰ ঠোৰামুখ ৰঙাজানত দীৰ্ঘদিনে অব্যাহত থকা বন্যহস্তীৰ সন্ত্ৰাসত অতিষ্ঠ গঞা। হাতী খেদিব নোৱাৰা বনকৰ্মীক প্ৰহাৰ কৰিলে ৰাইজে।
৫) দিল্লীত প্ৰদূষণক লৈ ভয়ংকৰ পৰিস্থিতি। বিদ্যালয়, কাৰ্যালয় বন্ধ। প্ৰদূষণৰ বাবেই বাতিল কৰিবলগীয়া হ’ল ৰঞ্জি ট্ৰফীৰ খেল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment