ফুলদানীত পৰিণত ৰাজ্যৰ এ টি এম:: গ্রাহকৰ মাজত হাহাকাৰ অৱস্থা




প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’লা ধন বাহিৰ কৰিবৰ বাবে হঠাতে গ্রহণ কৰা নতুন মুদ্রানীতিৰ বাবে অসমৰ সাধাৰণ জনতা আৰু ক্ষুদ্র ব্যৱসায়ীৰ মাজত আজিও হাহাকাৰ অৱস্থা অব্যাহত আছে৷ নতুন মুদ্রানীতিৰ প্রভাৱত গুৱাহাটী পৌৰ নিগমে অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ বিপৰীতে ক’লা ধন জমা কৰাৰ আশংকাত আজি কামাখ্যা মন্দিৰ কর্তৃপক্ষই দানপাত্রকে উঠাই নিবলগীয়া অৱস্থাৰ সৃষ্টি হয়৷ আনহাতে ক’লা ধন হাতত থকা লোকে 30-40 শতাংশ পর্যন্ত কমিছন দি ভাৰাতীয়া লোকৰ জৰিয়তে ধন বগা কৰাৰ প্রক্রিয়া অব্যাহত ৰখাৰ তথ্য পোৱা গৈছে৷ কালি বেংক বন্ধ থকাৰ পাছত আজি পুনৰ কাহিলি পুৱাৰে পৰা ৰাজ্যৰ প্রতিটো বেংকৰ সন্মুখত সাধাৰণ জনতাই দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয়৷ এ টি এমৰ সন্মুখতো প্রচণ্ড ভিৰ পৰিলক্ষিত হয়৷ লক্ষণীয় যে ৰাজ্যৰ অধিকাংশ এ টি এমেই সম্প্রতি ফুলদানিত পৰিণত হৈছে৷ এ টি এম আছে, কিন্তু তাত নাই ধন৷ ফলত সাধাৰণ জনতাই ধন থকা এ টি এম বিচাৰিও হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে৷ প্রখৰ ৰ’দকো নেওচি ধন বিচাৰি বেংকৰ সন্মুখত দীঘলীয়া শাৰী পাতিলেও বহু বেংকতো ধনৰ অভাৱ হোৱাৰ অভিযোগ পোৱা গৈছে৷ ইফালে চিকিৎসালয়ত থকা ৰোগীৰ আত্মীয়ৰো হাহাকাৰ লাগিছে৷ খুচুৰাৰ অভাৱত 500, 1000 টকীয়া ন’ট চলাব নোৱাৰি বহু গ্রাহকে ন’টখনকে ফার্মাচীত বন্ধকত থ’বলগীয়া অৱস্থাৰ সন্মুখীনো হৈছে৷
Share on Google Plus

About Unknown

0 comments:

Post a Comment