অসমৰ খিলঞ্জীয়া ৰাইজক সাংবিধানিক ৰক্ষাকৱচ অসম চুক্তি স্বাক্ষৰৰ সুদীর্ঘ ৩১ বছৰৰ পাছত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ-খনে চুক্তিৰ ৬নং দফা ৰূপায়ণেৰে প্রদান কৰাৰ উদ্যোগ গ্রহণ কৰিছে৷ অলপতে দিল্লী ভ্রমণ কালত মুখ্যমন্ত্রী সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সম্পর্কত গৃহমন্ত্রী ৰাজনাথ সিঙৰ সৈতে এক আলোচনাত মিলিত হয়৷ উক্ত আলোচনাত কেন্দ্রীয় গৃহমন্ত্রীজনে চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে উদ্যোগ ল’বলৈ ৰাজ্য চৰকাৰক কর্তৃত্ব প্রদান কৰাৰ পাছত মহানগৰীৰ এখন হোটেলত ৰাজ্যখনৰ কেইবাজনো বিশিষ্ট নাগৰিক, সাংবাদিকৰে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ৰাম মাধৱো উপস্থিত থকা উক্ত অনানুষ্ঠানিক আলোচনাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে খিলঞ্জীয়া ৰাইজৰ বাবে সাংবিধানিক ৰক্ষাকৱচ বর্তমান সময়ত জৰুৰী হৈ পৰিছে বুলি উল্লেখ কৰি কয় যে ৰাইজৰ সেই আশা দীর্ঘদিনীয়া৷ বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই এক ফলপ্রসূ আৰু বাস্তৱসন্মত পন্থাৰে চুক্তিৰ ৬নং দফা ৰূপায়ণত গুৰুত্ব আৰোপ কৰে৷ ড০ শর্মাই আইনগতভাৱে বৈধ হোৱা এক ব্যৱস্থাৰে সাংবিধানিক ৰক্ষাকৱচৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে৷ বৈঠকখনত উপস্থিত থকা কেইবাজনো ব্যক্তিয়ে এইবুলি মত পোষণ কৰে যে ৰক্ষাকৱচ প্রসংগত অসমীয়াৰ সংজ্ঞাক লৈ সদায় এক অনাহক বিতর্কৰ সৃষ্টি কৰি আহিছে৷ এইবাৰ চৰকাৰে উক্ত বিষয়টোৰ পৰা আঁতৰি আহি প্রকৃতার্থত অসমত বসবাস কৰা খিলঞ্জীয়া লোক আৰু যুগ যুগ ধৰি অসমত বসবাস কৰি অহা মূলসুঁতিৰ ভাৰতীয় লোকসকলে যাতে প্রকৃতার্থত সাংবিধানিক সুৰক্ষা পায়, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ আহবান জনায়৷ বৈঠকখনত চৰকাৰ আৰু উপস্থিত লোকসকলে ঐক্যবদ্ধভাৱে এই দিশত আগ বাঢ়ি যাবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ তাৰ লগতে অসমৰ মুঠ ১২৬টা সমষ্টিৰ ভিতৰত ৮০ৰ পৰা ১০০টা সমষ্টি সংৰক্ষণৰ আওতালৈ অনাত গুৰুত্ব আৰোপ কৰে৷
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment