“ক’লা ধন” নষ্ট কৰাৰ নিকৃষ্ট ঘটনা ঘটিছে উত্তৰ প্ৰদেশত।কালি উত্তৰপ্ৰদেশৰ মির্জাপুৰত গংগা নদীত উটি অহা ৫০০-১০০০ টকীয়া নোটক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনা, চৰম উৎকণ্ঠা। আনকি গংগাৰ পানীত কোনো অসাধু লোকে এৰি দিয়া নোট লাভৰ বাবে উৎসুক স্থানীয় লোকৰ মাজত সৃষ্টি হয় অগ্ৰীতিকৰ পৰিস্থিতি। ফলত ঘটনাস্থলীত জিলা প্রশাসনে মোতায়েন কৰে নিৰাপত্তা বাহিনী।প্রকাশিত বাতৰি অনুসৰি উত্তৰপ্ৰদেশৰ মির্জাপুৰৰ সমীপৱৰ্তী অঞ্চলেদি প্রৱাহিত গংগাৰ জলৰাশিত এই ধন প্রত্যক্ষ কৰে একাংশ স্থানীয় লোকে। গংগাৰ পানীয়েদি উটি অহা ৫০০-১০০০ টকীয়া নোটৰ এই অনাকাংক্ষিত আশ্চর্যজনক খবৰ মুহুর্ততে বিয়পি পৰাৰ পাছত উক্ত স্থানত ভিৰ কৰেহি অজস্র লোকে। আনকি একাংশ স্থানীয় লোকে নাও লৈ গংগাত নামি এই উটি অহা নোট সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। এই ঘটনা সন্দৰ্ভত মন্তব্য কৰি উত্তৰপ্ৰদেশ আৰক্ষীৰ এক সূত্রই কয় যে গংগাৰ পানীৰে কিমান পৰিমাণৰ নোট উটি আহিছে,সেই সম্পর্কে এতিয়াই কোৱা কঠিন। গংগাৰ নাৰঘাটত সংঘটিত এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment