ৰাজ্যিক কর্মচাৰীৰ বাবে সু-খবৰ যে অহা 18 নৱেম্বৰত সপ্তম দৰমহা আয়োগৰ প্রতিবেদন দাখিল হ’ব৷ দৰমহা আয়োগৰ প্রতিবেদন দাখিলৰ পাছত অহা 1 এপ্রিলৰ পৰা ৰাজ্য চৰকাৰে দৰমহা আয়োগৰ প্রতিবেদনৰ পৰামর্শাৱলী কার্যকৰী কৰিব৷ দৰমহা আয়োগে প্রতিবেদন দাখিলৰ দিন নির্ধাৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৰাজ্যৰ বিত্ত মন্ত্রী ড0 হিমন্ত বিশ্ব শর্মাই৷ ড0 শর্মাই আৰু কয় যে চতুর্দশ বিত্ত আয়োগে বহিঃ সাহায্যপ্রাপ্ত প্রকল্পৰ ক্ষেত্রত 100 শতাংশ ঋণৰ ব্যৱস্থা কৰিছিল যদিও কেন্দ্রীয় চৰকাৰে যোৱা 14 অক্টোবৰত দিয়া নির্দেশনা অনুসৰি অসমৰ লগতে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ক্ষেত্রত পূর্বৰ দৰে 90 শতাংশ অনুদান আৰু 10 শতাংশ ঋণ নীতিকে বাহাল ৰাখিছে৷ ইয়াৰ ফলত অসম তথা উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যসমূহ উপকৃত হ’ব আৰু অসমৰ বাবে পৰি থকা প্রায় 10-12 হাজাৰ কোটি টকাৰ প্রকল্পসমূহ এতিয়া মুকলি হ’ব৷
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment