হিন্দুত্বৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

হিন্দুত্বৰ ১৯৯৫ চনত প্রদান কৰা ৰায় পুনৰীক্ষণ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ৰ ৭জন ন্যায়াধীশৰ বিচাৰপীঠে। এই বিষয়ত উচ্চতম ন্যায়ালয়ত দাখিল হােৱা বহুকেইখন আৱেদন অগ্রাহ্য কৰি ৭জনীয়া ন্যায়াধীশৰ বিচাৰপীঠে হিন্দুত্ব’ৰ সংজ্ঞা প্রদান কৰিবলৈও অস্বীকাৰ কৰে। নির্বাচনী কদাচাৰত “হিন্দুত্ব’ শব্দটােৰ ব্যৱহাৰক লৈ সর্বোচ্চ আদালতে পূৰ্বৰ কোনাে উল্লেখ্যক লৈ শুনানি গ্ৰহণৰ পৰাও বিৰত থাকে। বিচাৰপীঠে কয়— ‘এই পর্যােয়ত হিন্দুত্বৰ প্রকৃত অর্থ কি, সেই লৈ আমি বৃহৎ বিতর্কলৈ নাযাওঁ। যদিহে কোনােৱে হিন্দুত্বৰ শব্দটােৰ উল্লেখ প্রদর্শন কৰিবলৈ ইচ্ছা কৰে, তেন্তে আমি তেওঁৰ শুনানি গ্রহণ কৰিম।” ধৰ্মৰনামত ভোট বিচৰাটো ৰাজনৈতিক কদাচাৰ হয় নে নহয় আৰু ৰিপ্রেজেনটেশ্বন অৱ পিপলছ এক্ট'ৰ অধীনত তেনে দল নির্বাচনী প্রক্রিয়াৰ পৰা বখািস্ত হ’ব নে নহয়, সেই বিষয়ত শুনানি গ্রহণ কৰিছিল সর্বোচ্চ আদালতে। ৰাষ্ট্ৰীয় প্রতীক আৰু ৰাষ্ট্ৰীয় চিহ্ন কোনো ৰাজনৈতিক দলে নির্বাচন আৰু ভোটৰ প্রক্রিয়াত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি যোৱা সপ্তাহতসর্বোচ্চ আদালতে স্পষ্ট কৰি দিছিল। সাতজনীয়া বিচাৰপীঠ গঠন কৰা হৈছিল মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰ, মদন বি লিকুৰ, এছএ ব্যবডে, আদর্শকুমাৰ গোৱেল,ইউইউ ললিত, ডি ৱাই চন্দ্রচূড় আৰু এল নাগেশ্বৰ ৰাৱক লৈ। উল্লেখ্য, ১৯৯৫ চনত উচ্চতম ন্যায়ালতে হিন্দুত্ব’ জীৱন ধাৰণৰ এটা প্রক্রিয়া (ৱে অৱ লাইফ) বুলি ৰায় প্রদান কৰিছিল। ৭জনীয়া ন্যায়াধীশৰ এই বিচাৰপীঠে সেই ৰায় পুনৰীক্ষণ কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে হিন্দুত্বৰ সংজ্ঞা নির্ধাৰণ কৰিবলৈও অস্বীকাৰ কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment