দেশৰ ৰাজধানী নতুন দিল্লীৰ নয়া বজাৰত সংঘটিত এক বিস্ফোৰণত এজন নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। উত্তৰ দিল্লীৰ চান্দনী চকৰ সমীপৰ নিয়া বজাৰত কালি পুৱা প্রায় ১০.৩০ বজাত সংঘটিত বিস্ফোৰণত নিহতজনক চিনাক্ত কৰিব পৰা নাই বুলি আৰক্ষীৰ সূত্ৰত প্রকাশ। বিস্ফোৰণস্থলীত ইতিমধ্যে দিল্লীৰ সন্ত্রাসবিৰােধী গােট আৰু বিশেষ গােট উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। অপৰাধ অনুসন্ধান আৰু ফৰেনছিক লেবৰেটৰীৰ দলে ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে। আনহাতে, দিল্লী আৰক্ষীয়ে বিস্ফোৰণস্থলী সম্পূৰ্ণৰূপে ঘেৰি ৰাখিছে। নর্দার্ন ৰেঞ্জৰ যুটীয়া আৰক্ষী আয়ুক্ত বীৰেন্দ্ৰ চাহালে সাংবাদিকক অৱগত কৰােৱা মতে, প্ৰাৰম্ভিক তদন্তত জুট বেগৰ কাৰখানাত ফটিকাৰ বিস্ফোৰণৰ বাবে উক্ত ঘটনাটি সংঘটিত হৈছে। বিস্ফোৰণৰ লক্ষণ দেখি অৱশ্যে কিছু সন্দেহ কৰাও হৈছে। লক্ষণীয় যে ফটকা-আতচবাজী প্রস্তুত কৰা বিস্ফোৰক সামগ্ৰী ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment