ভাৰতে কাকো আক্রমণ নকৰে::প্ৰধান মন্ত্রী মোদী




ভাৰতীয় সেনাক উৰিত হত্যা কৰাসকল শাস্তি অবিহনে সাৰি নাযায় বুলি প্রধান মন্ত্রীয়ে অংগীকাৰ কৰিলেও সেয়া কেৱল হুংকৰতে সীমাবদ্ধ হৈ থকাতো ক্ৰমাৎ স্পষ্ট হৈ পৰিছে। পাকিস্তানক উচিত শিক্ষা দিয়া হ’ব বুলি মুকলি ঘোষণা কৰা ভাৰতৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ সম্ভাৱনা অস্বীকাৰ কৰি ভাৰতে কাৰাে বিৰুদ্ধে আগতীয়াকৈ যুদ্ধ নকৰে বুলি মন্তব্য কৰিছে।ভাৰতীয় সেনাই পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্রাসবাদীৰ ‘ল্যান্সপেড’ অর্থাৎ অস্থায়ী শিবিৰ “ছাৰ্জিকেল ষ্ট্রাইক’ অথবা লক্ষ্যভিত্তিক আক্রমণেৰে ধ্বংস কৰাতে প্রধান মন্ত্রী মোদীৰ হুংকাৰৰ সমাপ্তি ঘটাটো নিশ্চিত হৈছে। ভাৰতীয় সেনাবাহিনীয়ে প্রকাশ কৰা তথ্য অনুসৰি এই আক্ৰমণত ৩৮ সন্ত্রাসবাদীৰ মৃত্যু হৈছে। সেনাৰ তথ্য মতেই আক্ৰমণৰ পিছত পাক অধিকৃত কাশ্মীৰৰ পৰা ৩ শতাধিক পাক উগ্ৰপন্থীয়ে পলায়ন কৰিছে। এই দুই তথ্যৰ পৰা এয়া স্পষ্ট যে ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰত থকা সন্ত্রাসবাদী উক্ত আক্ৰমণৰ জৰিয়তে নিঃশেষ কৰাতো দূৰৰে কথা মুঠেই ১৩ শতাংশৰাে কম উগ্ৰপন্থীকহে নিহত কৰিবলৈ সক্ষম হ’ল। ইয়াৰ অন্যার্থ প্রধান মন্ত্রীয়ে আক্রমণকাৰী সাৰি নাযায় বুলি দিয়া প্রতিশ্রুতিও পালন কৰিব নোৱাৰিলে কেন্দ্রীয় চৰকাৰে। পাক অধিকৃত কাশ্মীৰত প্রকৃত অধিকাৰ যিহেতু ভাৰতৰহে সেয়ে এই বিবদমান দখলীকৃত অঞ্চলটােত ভাৰতৰ আক্রমণ তেনেই অবৈধ হ’ব নোৱাৰে বুলিও বহু বিশেষজ্ঞ একমত। এনে পৰিস্থিতিত আজি প্রধান মন্ত্রী মোদীয়ে দিল্লীত “প্ৰৱাসী ভাৰতীয় কেন্দ্র’ উদ্বোধন কৰি দিয়া ভাষণত পাকিস্তানৰ নাম উল্লেখ নকৰাকৈ কোনো দেশক ভাৰতে আগতে আক্রমণ নকৰে বুলি কৰা ঘোষণা তেওঁ চলিত সপ্তাহতে কৰা মন্তব্যৰ সৈতে পৰস্পৰবিৰোধী হৈছে। উল্লেখ্য, কোজিকোড়ত অনুষ্ঠিত এক জনসভাত মোদীয়ে উৰি আক্ৰমণৰ প্রত্যুত্তৰত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ইংগিত দিছিল। তেওঁ পাকিস্তানক দাৰিদ্ৰ্য, ক্ষুধা, নিবনুৱা সমস্যাৰ সৈতে যুজিবলৈ আহ্বান জনাইছিল আৰু এই যুঁজত ভাৰত-পাকিস্তান কোন প্রথম হয় সেয়া লক্ষ্য কৰিবলৈ আহ্বান জনাইছিল। আজি প্ৰৱাসী ভাৰতীয় কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাৰতে আগতীয়াকৈ কোনো দেশক আক্রমণ নকৰে বুলি প্রকাশ কৰি মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে ১৮ সেনা হত্যাৰ কঠোৰ প্ৰতিশোধ লোৱাৰ সম্ভাৱনা শেষ হােৱাৰ প্রচ্ছন্ন ইংগিত দিলে। 







Share on Google Plus

About Unknown

0 comments:

Post a Comment