::আন্তৰিক বার্তা ::
অবিশ্বাস, সংশয় আৰু বৌদ্ধিক বিভ্ৰান্তি
      ---- ফনীন্দ্র কুমাৰ দেব চৌধুৰী  
প্রস্তাৱনা:: প্রিয় পঢুৱৈ, আজিৰ এই আলোচনাত এটা অতি স্পর্শকাতৰ আৰু বিতর্কিত বিষয়ৰ (নাগৰিকত্ব আইন সংশোধনী বিধেয়ক) সন্দৰ্ভত মোৰ মনত উদয় হােৱা কিছু চিন্তা আৰু প্রশ্নৰ কথা খোলোচাকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। মোৰ বিশ্লেষণকে আপোনালোকে শুদ্ধ বুলি ধৰি নল’ব। অসমৰ ভৱিষ্যতৰ কথা আন্তৰিকতাৰে চিন্তা কৰা বহু বুদ্ধিজীৱী, ৰাজনৈতিক নেতা, সচেতন লোকৰ বিশ্লেষণৰ সৈতে এই বিশ্লেষণৰ অমিল আৱিষ্কাৰ কৰি বহুতৰে হয়তো এই বিশ্লেষণৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য নিহিত থকা বুলি তাৎক্ষণিকভাৱে অভিহিত কৰিবলৈ মন যাব। তেওঁলোকক মই ক’ব বিচাৰো যে অসমৰ অস্তিত্ব আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ বাহিৰে মোৰ কোনো স্বাৰ্থ নাই। এই বিশ্লেষণক যদি ভুল বুলি প্রতিষ্ঠা কৰি অসমৰ স্বার্থৰক্ষাৰ বাবে কোনোবাই সঠিক পথৰ সন্ধান দিয়ে, তেনেহ’লে মই নিশ্চয়কৈ আনন্দিত হ'ম। সচেতন পঢুৱৈক মই আন্তৰিকতাৰে অনুৰােধ কৰিছোঁ, সকলোৰে মতামত চালি-জাৰি চাই নিজাববীয়াকৈও বিষয়টাে সন্দৰ্ভত অধ্যয়ন আৰু চিস্তা-চৰ্চা কৰক, আৰু তাৰ পিছত অসমৰ ভৱিষ্যতৰ স্বর্থত যিটাে আটাইতকৈ গ্রহণযোগ্য বুলি ভাবে, তাকেই গ্রহণ কৰক। ভাবৰ আদান-প্রদান আৰু সুস্থ আলোচনা-বিতৰ্কৰ জৰিয়তে যাতে অসমৰ নাগৰিকে এক উপযুক্ত সিদ্ধান্তত উপনীত হ’ব পাৰে, তাৰ বাবে কাৰো ব্যক্তিগত চৰিত্ৰহনন নকৰাকৈ, কোনো ধৰণৰ বিষোদগাৰ নকৰাকৈ মুকলি মনেৰে আলোচনা আৰম্ভ কৰক। 
(এক)
আশীৰ দশক। মই তেতিয়া উত্তল অসমৰ পৰা হাজাৰ মাইল দূৰৈৰ সমুদ্র তীৰৱতী সৰু চহৰ উৰিষ্যাৰ পাৰাদ্বীপ বন্দৰত কৰ্মৰত। ম’বাইল তেতিয়া নাছিল, ঘৰে ঘৰে মানুহৰ লেণ্ড লাইন নাছিল, টিভি তেতিয়ালৈকে আমি দেখাই নাই; ৰেডিঅ’ আছিল যদিও পাৰাদ্বীপত অসমৰ আঞ্চলিক কেন্দ্ৰৰ সৈতে সংযোগ আছিল অসম্ভৱ, কেতিয়াবা কাচিৎ এখন ৰাষ্ট্ৰীয় কাকতত চকু ফুৰােৱাৰ সুযোগ পাইছিলোঁ। মুঠতে ক’বলৈ গ’লে সমগ্ৰ বিশ্বৰ পৰা প্রায় বিচ্ছিন্ন এক বিচিত্ৰ জীৱন, যাৰ বিস্তুতি আছিল ১৯৭৯ৰ পৰা ১৯৮৪লৈ। আৰু কি কাকতালীয় সেই সময়ছোৱাতে অসমত সংঘটিত হৈছিল আমাৰ জীৱনকালত এতিয়ালৈ ঘটা আটাইতকৈ সর্বাধিক চর্চিত, গুৰুত্বপূর্ণ আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰকাৰী অসম আন্দােলন। সেই সময়ত পিতাৰ পৰা সঘনাই দীঘল দীঘল চিঠি পাইছিলোঁ। ঘৰৰ কথা সামান্য, চিঠিৰ অধিকাংশ ঠায়েই দখল কৰিছিল আন্দোলনৰ বৰ্ণনাই। পিতাই চিঠিত লিখা মনত আছে যে পিতােহাঁতে তেওঁলোকৰ যৌৱনাৱস্থাত যিদৰে দেশৰ প্ৰতি এক নির্ভেজাল প্ৰেমৰ বাবে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল, সেইদৰে আশীৰ দশকতো অসমৰ ছাত্ৰ-ছাত্রীয়ে অসম আন্দােলনত জপিয়াই পৰিছিল; উদ্দেশ্য বিদেশী মুক্ত অসম গঢ়ি স্বনির্ভৰশীলতাৰে অসমৰ অস্তিত্ব ৰক্ষা কৰা। মােৰ এগৰাকী ভাতৃ, সেই সময়ত মার্ক্সবাদী আদর্শত বিশ্বাসী। পিতাই এখন চিঠিত মােৰ সেই ভাতৃৰ কথাও লিখিছিল। সিহঁতে বিদেশী বহিষ্কাৰ আন্দোলনক সমর্থন কৰা নাই। সিহঁতে কয় বাংলাদেশৰ পৰা যিসকল অবৈধভাৱে অসমলৈ আহিছে, তেওঁলোক বাংলাদেশৰ আটাইতকৈ দৰিদ্ৰ শ্রেণীৰ লোক, দৰিদ্ৰৰ স্বার্থৰ হকে সদায়ে মাত মাতি অহা সিহঁতে সেই দৰিদ্ৰক কিদৰে খেদি পঠিয়াব। সিহঁতৰ মতে শ্রমজীবী, সেই দৰিদ্ৰ অবৈধ বাংলাদেশীসকল অসমৰ বাবে ভাবুকি নহয়; তেওঁলোক পুঁজিপতিবিৰােধী সংগ্ৰামৰ সংগী। পিতাই চিঠিত লিখিছিল বাংলাদেশৰ পৰা অহা লোকসকলৰ স্বাভাৱিকতে ভাষা অসমীয়া আৰু তেওঁলোকৰ অধিকাংশই মুছলমান; সেয়েহে বাংলাদেশী বহিষ্কাৰ জাতীয় আন্দােলনে অসমীয়া-বাঙালী, হিন্দু-মুছলমানৰ সংঘাতেৰে অসমখন ৰাক্তাক্ত কৰিব বুলি সিহঁতে ভাবে। পিতাই চিঠিত খবৰ দিছিল যে অসম কৰাৰ বাবে ৰাজহুৱাভাৱে এখন সভাত ক্ষমা খুজিবলগীয়া হৈছিল। দেশৰ ভৌগোলিক সীমা অতিক্রম কৰিও দৰিদ্ৰৰ প্ৰতি সহমর্মিতা অনুভৱ কৰাটাে কেতিয়াও দােষণীয় হ’ব নােৱাৰে, বৰঞ্চ মানৱীয় দৃষ্টিভংগীৰ এক সন্মানীয় অনুভৱ বুলি স্বীকৃতিৰ যোগ্য; তৎসত্ত্বেও নির্মম বাস্তৱে কেতিয়াবা মানুহক এনে এক দুঃসময়ৰ সৈতে মুখামুখি কৰােৱায়, যি সময়ত মানুহে AItruমৃত্যুমুনি কৰিও প্রশ্ন কৰিবলৈ বাধ্য হয় : মোৰ অস্তিত্ব ৰক্ষাৰ অধিকাৰ সেই সময়ত সদ্যযৌৱনপ্রাপ্ত মোৰ ভাতৃ বিদেশী বহিষ্কাৰ আন্দােলনৰ বিৰােধিতা কৰাৰ বাবে যিসকল লোকৰ যুক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল সেইসকলৰ আন্দোলন বিৰোধিতাৰ ঔচিত্য প্রতিপন্ন কৰি প্ৰায়ে এটা কথা কোৱা হয় যে তেওঁলোকে অসম আন্দোলনৰ সময়ত অসমৰ বিষয়ে যি ভৱিষ্যদ্বাণী কৰিছিল, সেইবোৰ আখৰে আখৰে ফলিয়াইছে; কিন্তু এটা ভৱিষ্যদ্বাণী, যিটাে কৰিবলৈ বৰ বিশেষ বুদ্ধিমত্তাৰ প্রয়োজনাে নাই, সেইটাে কিয় কৰিব নােৱাৰিলে বা ইচ্ছাকৃতভাৱে নকৰাকৈ থাকিল, সেয়া চিন্তনীয়। তেতিয়াই কৰিব পৰা এটা সহজ ভৱিষ্যদ্বাণী আছিল যদিহে তেতিয়াই বিদেশী বহিষ্কাৰৰ ফলপ্রসূ ব্যৱস্থা লোৱা নহয়, তেনেহ’লে ভৱিষ্যতত অসমীয়া লোকসকল অসমত সংখ্যালঘুলৈ ৰূপান্তৰিত হ’ব আৰু ধীৰে ধীৰে অসমীয়াসকলৰ ৰাজনৈতিক অধিকাৰো অবৈধ বিদেশীৰ হাতলৈ যোৱাৰ উপক্রম হ’ব। যদিহে বিদেশী বহিষ্কাৰ আন্দোলনৰ বিৰোধিতা কৰাতকৈ সেই সময়ত আন্দোলনকাৰী অসমবাসীৰ এজন হৈ সেই আন্দোলনক লক্ষ্য অথবা পদ্ধতি কোনো ক্ষেত্ৰতে বিচুত নােহােৱাকৈ ৰখাৰ বাবে প্রভাৱান্বিত কৰাৰ প্ৰয়াস কৰা হ’লহেঁতেন, তেনেহ’লে আহি আহি আজি হয়তো আমি এনে এটা সময়ত উপনীত হ’বলগীয়া নহ’লেহেতেন, য’ত থিয় হৈ আজি বিমল ফুকনৰ দৰে অনুভৱ কৰিবলগীয়া হয় যে সময় উকলিল”। (অসমৰ সাম্প্রতিক অৱস্থা সম্পৰ্কত যিকেইটা তথ্যসমৃদ্ধ, বস্তুনিষ্ঠ লেখা প্রকাশ পাইছে, তাৰ ভিতৰত মােৰ দৃষ্টিত আটাইতকৈ গুৰুত্বপূর্ণ লেখাটাে লিখিছে বিমল ফুকনে ‘আমাৰ অসম’ কাকতৰ ২৮ ছেপ্টেম্বৰ সংখ্যাত)। হয়তো ৭১লৈ অহা লাখ লাখ বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবেও অসহায় হৈ সন্মত হ’বলগীয়া নহ’লহেঁতেন।যিসকলে এটা সময়ত অবৈধ বাংলাদেশীয়ে অসমৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই অনা বুলি চিঞৰি থকা আছু আদি কৰি অসংখ্য সচেতন অসমপ্রেমী লোকৰ সংশয়ত বিশেষ কোনো গুৰুত্ব প্ৰদান নকৰিলে। বৰং সেয়া যে অমূলক, সেই কথাহে প্রতিপন্ন কৰিবলৈ চেষ্টা কৰিলে, ত্রিশ-পইত্রিশ বছৰ পিছত অকস্মাতে দেখা গ’ল সেইসকলৰ একাংশই অবৈধ হিন্দুৱে অসমৰ ভাষা-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই অনা বুলি শংকিত হৈ উঠিছে, নিঃসন্দেহে এই হৃদয়ৰ পৰিৱর্তন আশাপ্রদা; অভিনন্দনযোগ্যও কিন্তু একে সময়তে কৌতুহল উদ্ৰেককাৰীও নহয়নে ? মোৰ মনত এই অস্বস্তিকৰ প্ৰশ্নটাে উদয় হৈছে।
(দুই)
নাগৰিকত্ব আইন সংশোধনী বিধেয়খনক লৈ যোৱা কেইটামান দিনত বৌদ্ধিক জগত, বিৰোধী ৰাজনৈতিক দল, বিভিন্ন সংগঠন আদি বিশেষভাৱে তৎপৰ হৈ উঠিছে, প্ৰেছ ক্লাবৰ পৰা আৰম্ভ কৰি সন্ধিয়াৰ ইলেক্ট্রনিক বৈঠকবােৰাে আৱেগিক আৰু উত্তেজনাপূৰ্ণ হৈ উঠিছে, চৰকাৰৰ অংশীদাৰী দলৰাে দুই-এজন এই বিধেয়কৰ প্ৰতিবাদত সৰৱ হৈ উটিছে। ড° হীৰেন গোহাঁইৰ নেতৃত্বত বুদ্ধিজীৱী আৰু সচেতন নাগৰিকৰ দল এটাই ইতিমধ্যে প্রতিবাদ সাব্যস্ত কৰিবৰ বাবে অতি কম সময়ৰ ভিতৰতে ৰাজ্যপালক সাক্ষাৎ কৰিছে। অসমৰ সোঁ-বাও সকলোৱে (প্রফুল্ল মহন্তৰ দৰে কিছু ব্যতিক্রমী নেতাক বাদ দি সদ্যহতে চৰকাৰক বাহিৰত ৰাখিছোঁ) অবৈধ বিদেশীয়ে যে অসমৰ অস্তিত্বৰ বাবে ভাবুকি কঢ়িয়াই আনিছে, সেই কথাত একমত হােৱাটাে এক যুগান্তকাৰী শুভ-বার্তা। কিন্তু মোৰ মনত উদয় হােৱা অস্বস্তিকৰ প্ৰশ্নটো হ’ল— বিধেয়কখনৰ বিৰোধিতা কৰা সকলোৱে অসমখন সঁচাকৈ বিদেশী মুক্ত হােৱাটাে বিচাৰেনে ? বিষয়টাে আলোচনা কৰিবলৈ বিধেয়কখন সম্পৰ্কত অতি চুটিকৈ প্রাসংগিক কথাখিনি জুকিয়াই লওঁ আহক।আইনৰ বিশেষ জ্ঞান নাথাকিলেও আমি সকলোৱে এটা কথা জানো যে ন্যায্য নথিপত্র নোহােৱাকৈ কোনো বিদেশী লোকেই কোনো এখন দেশত থাকিব নোৱাৰে। তৎসত্ত্বেও আমাৰ সকলোৰে জ্ঞাত ঐতিহাসিক কাৰণত ভাৰতবৰ্ষত বহু অবৈধ বিদেশী আছে। তাৰে বুজনসংখ্যক আহিছে। অর্থনৈতিক কাৰণত, যিসকলক আমি প্ৰব্ৰজনকাৰী অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰিব পাৰোঁ আৰু কিছুসংখ্যক আহিছে ধর্মীয় বিশ্বাসৰ বাবে নিজ দেশত নির্যাতিত হৈ, যাক আমি ধর্মীয় শৰণার্থী বুলি ক’ব পাৰে। পাকিস্তান আৰু বাংলাদেশত ধর্মীয় বিশ্বাসৰ বাবে নির্যাতিত বুলি অনুভৱ কৰা বহু হিন্দুৱে কোনো বৈধ নথিপত্র নোহােৱাকৈয়ে পাকিস্তানৰ পৰা পলাই আহি আশ্ৰয় লৈছিল। এনেদৰে অহা ‘নির্যাতিত’ হিন্দুৰ সঠিক সংখ্যাটাে মোৰ জনা নাই যদিও সমগ্ৰ ভাৰতবৰ্ষতে প্রায় দুই-আঢ়ৈ লাখ বুলি বিভিন্ন স্থানত উল্লেখ আছে। তেওঁলোক গুজৰাট, ৰাজস্থান, মধ্যপ্রদেশ, মহাৰাষ্ট্র, ছত্তিশগড়, অসম আদিত সিঁচৰতি হৈ আছে। অসমতেই নিশ্চয় ইয়াৰ সংখ্যা সর্বাধিক। এইখিনিতে অসমৰ ক্ষেত্ৰত যে ১৯৫০ চনত বিদেশী নাগৰিক আইনখন সালসলনি কৰি প্ৰব্ৰজনকাৰী আইন ১৯৫০ৰ সৃষ্টি কৰা হৈছিল সেই কথা জানি থোৱাটাে ভাল হ’ব। এই আইনমতে অসমলৈ অহা যিকোনো অবৈধ প্ৰব্ৰজনকাৰী বিতাড়ন কৰিব পাৰি। কিন্তু লগতে এই কথাৰাে উল্লেখ আছে যে ‘কোনো ব্যক্তিয়ে আভ্যন্তৰীণ অশাস্তিৰ ফলত বা অশাস্তিৰ ভয়ত বর্তমানে পাকিস্তানৰ ভিতৰুৱা কোনো অংশৰ পৰা স্থানান্তৰিত হৈছে নাইবা নিজৰ বাসভূমি এৰি আহিছে আৰু বৰ্তমান অসমত বাস কৰি আছে, তেনে লোকক বিতাড়ন কৰা নহ’ব। নক’লেও হ’ব বিভাজনৰ পিছত নির্যাতিত হৈ বাংলাদেশৰ পৰা অহা হিন্দু প্ৰব্ৰজনকাৰীক সুৰক্ষা দিবৰ বাবে ১৯৫০ চনতে এই ধাৰাটাে অন্তর্ভুক্ত কৰা হৈছিল। ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নৰেন্দ্ৰ মোদীয়ে হিন্দু শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰতিশ্রুতি প্ৰদান কৰিছিল। এই কথা দলীয় নির্বাচনী ইস্তাহাৰতো লিপিবদ্ধ হৈছিল। নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি পালনৰ বাবেই এতিয়া এই বিধেয়কখন উত্থাপন কৰা হৈছে। এই বিধেয়ক অনুসৰি আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা সংখ্যালঘুসকলক, Namely, হিন্দু, শিখ, বৌদ্ধ, জৈন, পাছিয়ান আৰু খ্ৰীষ্টিয়ানসকলক বৈধ নথিপত্র নাথাকিলেও ভাৰতীয় নাগৰিকত্বৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হ’ব, যদিহে ইতিমধ্যে তেওঁলোকে ছবছৰ ধৰি ভাৰতবৰ্ষত আছে।
(তিনি)
বিশেষভাৱে মন কৰিবলগীয়া কথা যে কেইজনমান সংসদৰ সদস্যকে ধৰি মুষ্টিমেয় কিছু লোকে অসমৰ বাহিৰতো এই বিধেয়কখনৰ দুটামান কথাৰ বিৰোধিতা কৰিলেও সামগ্রিকভাৱে সকলোৱে ভাৰতবৰ্ষৰ শৰণার্থী নীতিৰ ক্ষেত্ৰত ইয়াক এক বহু প্রত্যাশিত আদৰণীয় পদক্ষেপ বুলি অভিহিত কৰিব বিচাৰিছে। বিধেয়কখনৰ বিৰোধিতা কৰি কংগ্ৰেছৰ এগৰাকী ৰাজ্যসভাৰ সদস্যই at fict- How can one community can be left out? নক’লেও হ’ব যে তেওঁ মুছলমান সম্প্রদায়’ৰ কথা উল্লেখ কৰিছে। হিন্দু, শিখ, বৌদ্ধ, জৈন, পাছিয়ান আৰু খ্ৰীষ্টিয়ানৰ নাম আছে, কিন্তু মুছলমানৰ নাম নাই। বিধেয়কখন উত্থাপন কৰা হৈছে মুছলমানপ্রধান দেশত ধর্মীয় নির্যাতিত সংখ্যালঘুক নাগৰিকত্ব প্রদান কৰাৰ বাবে। আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানত মুছলমানসকল সংখ্যালঘু নহয়, সেয়েহে এই তিনিখন দেশৰ পৰা অহা অবৈধ মুছলমান সম্প্রদায়ৰ লোকক সংখ্যালঘুৰ শিতানত অন্তৰ্ভুক্ত কৰাৰ প্রশ্ন নুঠে। তেওঁৰ এই প্রশ্নই যেন ইংগিত দিয়ে মুছলমান সম্প্রদায়ক অন্তৰ্ভুক্ত কৰিলে তেওঁৰ কোনো আপত্তি নাই! বিৰােধিতাৰ আন এটা কাৰণ হ’ল হিচাপে কিছু লোকে উল্লেখ কৰিছে। যে বিধেয়কখনে তিনিখন দেশৰ উপৰি শ্ৰীলংকা আৰু ম্যানমাৰকো সামৰিব লাগিছিল। ব্ৰিটিছসকলে চাহখেতিৰ বাবে এসময়ত শ্ৰীলংকালৈ লৈ যোৱা প্রায় ৩০,০০০ তামিল লোক নির্যাতিত হৈ তামিলনাড়লৈ উভতি আহিছে। বিধেয়কখনত শ্ৰীলংকাকো অন্তৰ্ভুক্ত কৰি এই শৰণার্থী তামিলসকলক নাগৰিকত্ব প্রদান কৰিব লাগে বুলি দাবী উঠিছে। ম্যানমাৰৰ পৰা নির্যাতিত হৈ উভতি আহিছে কিছু মুছলমান, যাক Rohingya বুলি কোৱা হয়। দাবী উঠিছে তেওঁলোকেকো নাগৰিকত্ব প্ৰদান কৰিব লাগে। আহমেদিয়াসকলক পাকিস্তানত মুছলমান বুলি ধৰা নহয়, কাৰণ তেওঁলোকে কোৰানৰ সলনি মির্জা গোলাম <f< (Mirza Ghulam Qadiani) ekļi (3. f. b (7 আহমেদিয়াসকল সেইফালৰ পৰা পাকিস্তানত সংখ্যালঘু আৰু নির্যাতিত। গতিকে তেওঁলোককো নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি এচামে দাবী জনাইছে। আন এচামে মন্তব্য প্রকাশ কৰিছে যে বিভিন্ন ধমীয় সম্প্রদায়ৰ নাম নিদিয়াকৈ নির্যাতিত সংখ্যালঘু ('Perscuted Minority’) বুলি বিধেয়কখনত উল্লেখ কৰিলেই যথেষ্ট। অন্যথা সংবিধানৰ ১৪ অনুচ্ছেদৰ ধর্মনিৰপেক্ষতাৰ সংজ্ঞাই ভংগ কৰিব পাৰে আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰতো ভাৰতবৰ্ষ সাম্প্রদায়িক দেশ হিচাপে চর্চিত হ’ব পাৰে। মন কৰিবলগীয়া কথা যে 'Perscuted Minority” অভিধায়ো এই তিনিখন দেশৰ ক্ষেত্ৰত উল্লিখিত ধর্মীয় সম্প্রদায়কেইটাৰ লোককে অন্তৰ্ভুক্ত কৰিব; মুছলমানসকলক নকৰে। মাথোঁ এই অভিধাৰ বাবে নির্যাতিতসকলে জটিল আইনী প্রক্রিয়াৰে ‘নির্যাতন’ প্রতিষ্ঠা কৰিব লাগিব, ফলত আৰু অধিক নির্যাতনৰ সন্মুখীন হ’ব আৰু ভাৰতীয় নাগৰিকত্বৰ স্বপ্ন হৈ ৰ’ব এক দুৰাশা। ফলস্বৰূপে বিধেয়কখনৰ মূল Spiritটােয়েই হৈ পৰিব ব্যর্থ।অসমৰ বাহিৰৰ সমগ্র বিৰোধিতাৰ পৰা এটা কথা ওলাই পৰিছে যে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা হিন্দুসকলক নাগৰিকত্ব প্ৰদানৰ তেওঁলোক বিৰোধী নহয়; তেওঁলোকে মাথো বিচাৰে একেদৰে শ্ৰীলংকাৰ তামিল, ম্যানমাৰৰ ৰহিংগিয়া বা পাকিস্তানৰ আহমেদিয়াসকলকো এই বিধেয়কখনৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্যসভাৰ কংগ্ৰেছ বিধায়কে কৰা প্রশ্নৰ ইংগিত অনুসৰি যদি মুছলমান সম্প্রদায়কে অন্তৰ্ভুক্ত কৰা হয়, তেনেহ’লে সেইখন ধর্মীয় নির্যাতন (Religious Perscution)ৰ বলি হােৱা সংখ্যালঘুক সকাহ দিয়া বিধেয়ক হৈ নাথাকিব; আৰু তাৰ পৰিণতি ভৱিষ্যতে কি হ’ব, সেই কথা পঢুৱৈসকলৰ কল্পনালৈকে মই ঠেলি দিছোঁ। 
(চাৰি)
বিধেয়কখনক লৈ অসমত হােৱা বিৰোধিতাক ব্যক্তিগতভাৱে মই আদৰণি জনাইছোঁ, কাৰণ এই বিৰোধিতাই অবৈধ বিদেশীয়ে যে অসমৰ নাগৰিকৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে, সেই কথা হৃদয়ংগম কৰিবলৈ সকলোকে সর্বশেষ সুযোগ প্রদান কৰিছে। অসমৰ বাহিৰৰ লোকৰ দৰে অসমৰ বুদ্ধিজীৱী, নেতা, সচেতন নাগৰিকে নিশ্চয় শ্ৰীলংকাৰ তামিল, ম্যানমাৰৰ ৰহিংগিয়া বা পাকিস্তানৰ আহমেদিয়াসকলক অস্তভূক্ত নকৰাৰ বাবে বিৰােধিতা কৰা নাই! অসমক বিদেশী মুক্ত কৰাত অতীতৰ প্ৰয়াস আৰু স্থিতিৰ পৰা এই কথাত মই পতিয়ন গৈছে যে আছুকে ধৰি বিভিন্ন ছাত্র সংগঠনে অসমৰ নাগৰিকৰ ভৱিষ্যতৰ স্বাৰ্থত এই বিধেয়কৰ বিৰোধিতা কৰিছে। বিভিন্ন সাহিত্য সভাৰ বিৰােধিতাৰ আঁৰত আছে ভাষিক সংশয়, যি নিঃসন্দেহে যুক্তিপূর্ণ। কিন্তু আন বহুতৰে বিৰােধিতাৰ আঁৰত এই একেই কাৰণ আছে বুলি তেওঁলোকৰ কার্যকলাপ আৰু স্থিতিয়ে মোক পতিয়ন নিয়াব পৰা নাই। বৰঞ্চ সেয়া অবৈধ বাংলাদেশীক পৰােক্ষভাৱে ৰক্ষণাবেক্ষণ তথা ৰাজনৈতিক অস্থিৰতা সৃষ্টিৰ এক প্রয়াস বুলিহে ভাব হয়। উদাহৰণ নিম্প্রয়োজন, তথাপি প্ৰণৱ কুমাৰ গগৈৰ তত্ত্বাৱধানত অসমত খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষাৰ সময়ত এচামে লোৱা স্থিতি, ভোটবেংকৰ স্বাৰ্থত বেদখলক ৰক্ষণাবেক্ষণ, অবৈধ বাংলাদেশী বিতাড়নৰ কথা উত্থাপন হ'লেই সাম্প্রদায়িকতাৰ ফাললৈ টানি নি বিৰােধৰ সৃষ্টি কৰিব বিড় অজস্র ঘটনা অসম আন্দোলনৰ সময়ৰ স্থিতি আদিৰ কথা মনত পেলাব বিৰােধিতাৰ আঁৰত নিশ্চিতভাৱে এচামৰ অসমৰ ভৱিষ্যতৰ প্ৰতি যুক্তিপূর্ণ শংকা আছে, কিন্তু লগতে মোৰ মনত এই অস্বস্তিকৰ প্ৰশ্নৰ উদয়ো হৈছে যে কিছু লোকৰ মাজত মুছলিম সম্প্রদায়ৰ অবৈধ প্ৰব্ৰজনকাৰীক সুৰক্ষা প্রদান কৰাৰ, তথা বিদেশী সমস্যাটাে অনির্দিষ্ট কাললৈ জীয়াই ৰখাৰ অভিপ্ৰায় আছে নেকি? তেওঁলোকৰ আশা-আকাংক্ষাক উদগনি দি নিজৰ স্থিতি সবল কৰাৰো অভিপ্ৰায় আছে নেকি? এই অভিপ্রায় যাতে কেতিয়াও সফল নহয়, তাৰ বাবে মোৰ বোধেৰে আগভাগ লোৱা উচিত অসমৰ মুছলমান সম্প্রদায়ৰ নাগৰিকসকলে আৰু মুছলমান হােৱাৰ বাবে অসমৰ কোনো এগৰাকী নাগৰিকেই যাতে কেতিয়াও হাৰাশাস্তি খাবলগীয়া নহয়, তাৰ দায়িত্ব ল’ব। লাগে অসমৰ হিন্দু নাগৰিকসকলে। আমি একেলগে ক’ব পাৰিব লাগিব যে মুছলমান সম্প্রদায়ৰ অবৈধ প্ৰব্ৰজনকাৰীসকলৰ প্ৰতি আমাৰ সামান্যতম বেয়া ভাব নাই, কিন্তু তেওঁলোকে নিজৰ দেশলৈ উভতি যোৱাটাে আমি বিচাৰোঁ! হিন্দুসকল যোৱাটাে নিবিচাৰোঁ নেকি? বিচাৰোঁ। কিন্তু হিন্দুসকলৰ কথা কোৱাৰ লগে লগে আন কেইটামান কথাও বহুতৰে মনলৈ আহে। হিন্দুসকলৰ দৰে মুছলমানসকল বাংলাদেশত ধর্মীয় নির্যাতনৰ মুখামুখি হােৱাৰ সম্ভাৱনা নাই। সঠিক সংখ্যা নাজানিলেও এয়া সকলোৱে জনা কথা যে মুছলমান সম্প্রদায়ৰ অবৈধ প্ৰব্ৰজনকাৰী হিন্দুৰ তুলনাত বহু বহু গুণে বেছি। কিন্তু সেই হিন্দুখিনি অসমত থাকিলেও এক ভাষিক সংকটৰ সৃষ্টি হ’ব, যিহেতু তেওঁলোকৰ মাতৃভাষা বঙালী। তেওঁলোকক অসমীয়া ভাষাৰ প্ৰতি আস্থাশীল কৰি তুলিবলৈ আমি নিজেই আপোন ভাষাৰ প্ৰতি আকর্ষণ হেৰুৱাই পেলাইছোঁ। হিন্দুসকলক নাগৰিকত্ব দিয়াটাে আমি নিবিচাৰোঁ নেকি ? নিবিচাৰো। কিন্তু তাৰ বাবে প্রয়োজন হ’ব সর্বভাৰতীয় পর্যােয়ত জনমত গঠন কৰাৰ। যি সময়ত অসমৰ বাহিৰত এই নাগৰিকত্বত কাৰো আপত্তি নাই, তেনেস্থলত এই জনমত গঠন সম্ভৱ হ’বনে সেয়া বাস্তৱৰ দৃষ্টিৰে ভাবি চাবলগীয়া। উপায় কি? উপায়, নিজ নিজ ৰাজনৈতিক আৰু বৌদ্ধিক স্বার্থৰ উধ্বলৈ গৈ সকলোৱে চিন্তা-ভাবনা কৰি কেইটামান বিষয়ত ঐকমত্যত উপনীত হােৱা আৰু সেই মত কার্যকৰী কৰিবলৈ যথাবিহিত ব্যৱস্থা অতি তৎপৰতাৰে ল’বলৈ চেষ্টা কৰা। আলোচনাৰ বিষয়বোৰ হ’ব পাৰে এনেধৰণৰ— (ক) অবৈধ বাংলাদেশী বিতাড়ন কৰিব লাগিব বুলি ঐক্যবদ্ধ দাবী উত্থাপন। (খ) শান্তিপূর্ণভাৱে অবৈধ বাংলাদেশী বিতাড়নৰ বাতাৱৰণ সৃষ্টি। (গ) অসম চুক্তি অনুসৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ ব্যৱস্থা। (ঘ) হিন্দু নাগৰিকত্ব বিধেয়কখন গৃহীত হ’লে অসমৰ ওপৰত যাতে বােজা নূ্যনতম হয়, তাৰ বাস্তৱ সন্মত উপায় উদ্ভাৱন কৰা। উপসংহাৰ আজি মহাত্মা গান্ধীৰ জন্মদিৱস। গান্ধীক আমি এক অসাধাৰণ ব্যক্তি বুলি গ্রহণ কৰােঁ । ‘অসাধাৰণত্ব’ৰ ছাব মাৰি আমি যেন পৰোক্ষভাৱে তেওঁৰ নীতিআদর্শক প্রত্যাখ্যান কৰােঁ। আমি ভাবিবলৈ লওঁ যে আজি যিহেতু মহাত্মাৰ দৰে “অসাধাৰণ’। মানুহ নাই, সেয়েহে তেওঁ প্রয়োগ কৰা নীতি-আদৰ্শৰে চালিত হৈ তেওঁ ব্ৰিটিছক বিতাড়িত কৰাৰ দৰে অবৈধ বিদেশীক বিতাড়িত কৰাটাে সম্ভৱ নহয়। প্রকৃততে গান্ধী আছিল যিকোনাে এজন সাধাৰণ মানুহৰ দৰেই সাধাৰণ'; সাধাৰণ মানুহাে যে সততাৰে ঐক্যবদ্ধ হ’লে অসাধাৰণ কাম কৰিব পাৰে, তেওঁৰ জীৱনে তাকেই প্রমাণ কৰে। আজি এই পৱিত্ৰ দিনত আমি অংগীকাৰবদ্ধ হৈ এই কথা ঘোষণা কৰিব নোৱাৰোঁনে যে তেওঁৰ দৰে কৰো প্রতি বিদ্বেষ নোহােৱাকৈ অহিংস উপায়েৰে আমি অসমখনক বিদেশী মুক্ত কৰিবলৈ নিৰৱচ্ছিন্নভাৱে কাৰ্যব্যৱস্থা হাতত ল’ম, আমাৰ তৎপৰতা যদি সংশোধনী অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিওঁ, বিতাড়নৰ ব্যৱস্থা ল’বলৈ যো-জা কৰিলেই সাম্প্রদায়িক ৰূপ দি মানুহক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰােঁ, তেনেহ’লে বুজিব লাগিব যে বিধেয়ক বিৰােধিতাৰ আঁৰত অসমৰ স্বার্থক ৰক্ষণাবেক্ষণ দিয়াৰ কোনো লক্ষ্য নাই, আছে ৰাজনৈতিক আৰু সামাজিক উত্থানৰ স্বপ্ন। এই বিধেয়কখনে যিদৰে চৰকাৰৰ পক্ষৰ বহুতৰে প্ৰকৃত স্বৰূপ উন্মোচন কৰিব, সেইদৰে উন্মোচিত কৰিব সেইখনৰ বিৰোধিতা কৰা বহুতৰো আঁৰৰ অভিপ্ৰায়। দুয়াে পক্ষৰে বিচাৰৰ মাপকাঠী হ'ব একেটাই। অসমক অবৈধ বিদেশী মুক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আন্তৰিকতা আৰু ভূমিকা! সেই উন্মোচন কাণ্ডৰ বাবে আমি কেইটামান দিন অপেক্ষা কৰিব লাগিব!                      (মোঃ ৮৮১১০৯৪৫৬৮]
 
 
 
 
 
 
0 comments:
Post a Comment