কাতি বিহুত চৰকাৰী বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ




কাতি বিহু উপলক্ষে অহা ১৭ অক্টোবৰৰ চৰকাৰী দিনটো ৰাজ্য চৰকাৰে চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে।উক্ত দিনা সকলো চৰকাৰী কার্যালয়, অর্ধচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব। উল্লেখ্য যে পূৰ্বতে কাতি বিহুৰ দিনটাে ৰাজ্য চৰকাৰে অৰ্ধদুটীৰ দিন হিচাপে ঘোষণা কৰিছিল। যোৱা কেইটামান বছৰৰ পৰা ৰাজ্য চৰকাৰে কাতি বিহুৰ দিনটাে চৰকাৰী বন্ধৰ তালিকাৰ পৰা কৰ্তন কৰি অর্ধদুটীৰ দিন হিচাপে ঘোষণা কৰে। জাতীয় উৎসৱ কাতি বিহুৰ দিনটাে সম্পূৰ্ণৰূপে বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ সদৌ অসম কর্মচাৰী পৰিষদকে ধৰি একাংশ সংগঠনে কৰি অহা দাবীৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কাতি বিহুৰ দিনটাে অর্ধদুটীৰ পৰিৱর্তে চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰে। অসমীয়া জাতিৰ বাবে কাতি বিহুৰ মর্যাদা আৰু গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী সোণোৱালে এই পদক্ষেপ গ্রহণ কৰিছে যাতে সকলোৱে পূর্ণ উৎসাহেৰে বিহু পালন কৰিব পাৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment