চীন-পাকিস্তান অসমৰ ৰাজনৈতিক শক্ৰ নহয় ::আলফা (স্বা)




চীন বা পাকিস্তান অসমৰ এতিয়াও এই ৰাষ্ট্ৰ দুখন অসমৰ ৰাজনৈতিক শক্ৰ হ’ব নোৱাৰে।” —এই ভাষ্য আলফা (স্বাধীন)ৰ। আলফা (স্বা)ৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক অৰুণোদয় অসমে কালি এক বিবৃতিত সেই কথা উল্লেখ কৰি কয় যে আজি দশকৰ পাছত দশক ধৰি অসমৰ থলগিৰিৰ আজন্ম অধিকাৰ স্বাধীনতাৰ ন্যায্যপ্রাপ্তিৰ পৰা অসমক যি বঞ্চনা কৰা হৈছে, অসমত প্রতিনিয়ত যি মানৱ অধিকাৰ উলংঘন হৈছে, অসমৰ আর্থ-ৰাজনৈতিক, ঐতিহা-সংস্কৃতি বিপন্ন হৈ জাতিৰ অস্তিত্ব আজি চৰম সংকটত পৰিছে, তাৰ বাবে চীন বা পাকিস্তান জগৰীয়া নহয়। জগৰীয়া একমাত্র দখলদাৰী ভাৰত ৰাষ্ট্রহে। বিবৃতিটােত লগতে অসমৰ থলগিৰিয়ে অবৈধ দখলদাৰী ভাৰত ৰাষ্ট্রৰ গােলামি মানি লৈ চুবুৰীয়া ৰাষ্ট্র চীন বা পাকিস্তানৰ কিয় শত্ৰুকাম কৰিব বুলিও প্রশ্ন কৰে। আনহাতে, ভাৰতত বিগত যোগ দিৱসত কাপেটৰ নাটনিৰ জোৰা মাৰিবলৈ ততাতৈয়াকৈ ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত সাত দিনৰ ভিতৰত চীনৰ পৰা পাঁচ লাখ গজ পৰিমাণৰ ৰঙা কাপেট ক্রয় কৰাৰ কথা উল্লেখ কৰি বিবৃতিটােত কয় যে এতিয়া টুলু সন্মািনৰ বাবে আহ্বান জনােৱা বিজেপিৰ নেতা বা প্রবক্তাসকল তেতিয়া নিমাতী কইনা হৈ আছিল কিয় ?
Share on Google Plus

About Unknown

0 comments:

Post a Comment