পেট্ৰ’লত ১.৩৪ ডিজেলত ২.৩৭ টকা পুনৰ মূল্যবৃদ্ধি




পেট্ৰ’ল,-ডিজেলৰ পুনৰ মূল্যবৃদ্ধি ঘটিল। সেই অনুসৰি কালি মাজনিশাৰ পৰা প্রতি লিটাৰ পেট্ৰ’লত ১.৩৪ টকা আৰু প্রতি লিটাৰ ডিজেলত ২-৩৭ টকা বৃদ্ধি হ'ব। উল্লেখ্য যে সম্প্রতি আন্তর্জাতিক বজাৰত প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য হৈছে ৫০ মার্কিন ডলাৰ। যিটাে বিগত এটা বছৰৰ ভিতৰত সর্বাধিকৰূপে বিবেচিত হৈছে। শেহতীয়াকৈ যোৱা চাৰি অক্টোবৰত প্রতি লিটাৰ পেট্ৰ’লৰ মূল্য ১৪ পইচাকৈ বৃদ্ধি হৈছিল। সেইদৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্য বাঢ়িছিল ১০ পইচা। ইয়াৰ ফলত সামগ্রিকভাৱে প্ৰতি লিটাৰ পেট্ৰ’লত ৬৪.৭২ টকা আৰু প্রতি লিটাৰ ডিজেলত ৫২,৬১ টকা মূল্য নির্ধাৰণ হৈছিল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment