পাকিস্তানত মৃত্যুৰ কিৰিলি ::আত্মঘাতীৰ আক্রমণত ৬১জন আৰক্ষীৰ লোক নিহত, ১১৮ জন আহত




পাকিস্তান আৰক্ষীৰ তেজেৰে ৰাঙলী কৰিলে আত্মঘাতী বোমাৰুৱে ভয়াৱহ আক্রমণ চলাই ।দেশখনৰ বেলুচিস্তান প্ৰদেশৰ কুয়েটা চহৰৰ চাৰিয়াব পথস্থিত আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ত যোৱানিশা প্রায় ১১.১০ বজাত তিনি আত্মঘাতী বোমাৰুৱে আক্রমণ চলাই ৰক্তাক্ত কৰি তোলে হােষ্টেলৰ চৌহদ। আত্মঘাতী বোমাৰুৰ আক্রমণ ভয়াৱহ আছিল যে হােষ্টেলৰ অট্টালিকা চুৰ্ণ-বিচূর্ণ হােৱাৰ লগতে নিমিষতে অতি কমেও ৬১জন আৰক্ষীৰ লোক নিহত হােৱাৰ লগতে ১১৮ জন আহত হয়। বিস্ফোৰণৰ ফলত আৰক্ষীৰ লোকসকলৰ দেহ ছিন্ন-ভিন্ন হৈ পৰে। ইপিনে, ঘটনাস্থলীত পাকিস্তানী নিৰাপত্তা বাহিনীয়ে অভিযান চলাই শতাধিক কেডেটক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বেলুচিস্তানৰ গৃহমন্ত্রী ছৰফৰাজ বাগটিয়ে ছচিয়েল মিডিয়াত টুইটযোগে সদৰী কৰা মতে, আত্মঘাতী আক্ৰমণত ৬১তকৈও অধিক নিহত হােৱাৰ লগতে ১১৮ জন আৰক্ষীৰ কেডেট আহত হৈছে। আত্মঘাতী আক্ৰমণৰ সময়ত আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়খনৰ হােষ্টেলত প্রায় ৭০০ আৰক্ষীৰ কেডেট থকাৰ বাবে নিহত আৰু আহতৰ সংখ্যা অধিক হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে। প্ৰাৰম্ভিক তদন্তত উক্ত ভয়াৱহ আত্মঘাতী আক্ৰমণত তিনি সন্ত্রাসবাদী থকা বুলি সন্দেহ কৰা হৈছিল যদিও দেশৰ ইণ্টাৰ ছাৰ্ভিচেজ পাব্লিকৰিলেচনৰ (আই এন পি আৰ) মতে পাঁচৰ পৰা ছয় সন্ত্রাসবাদী ঘটনাটিত জড়িত থাকিব পাৰে। । শেহতীয়াভাৱে এই আত্মঘাতী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আইছিছে
Share on Google Plus

About Unknown

0 comments:

Post a Comment