হিন্দু বাংলাদেশীৰ বােজা কোনােপধ্যে মানি নলওঁ::আছু অগপৰ কঠোৰ স্থিতি




হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যেৰে কেন্দ্রীয় চৰকাৰে সংশোধন কৰিবলৈ বিচৰা নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ৰ তীব্র বিৰােধিতা কৰে অগপ আৰু ছাত্র সন্থাই নতুন দিল্লীত কালি যুটীয়া সংসদীয় সমিতিৰ শুনানিৰ সময়ত । যুটীয়া সংসদীয় সমিতিৰ আহ্বানক্রমে নতুন দিল্লীত উপস্থিত হােৱা অগপ আৰু ছাত্র সস্থাই আইনখনৰ সংশোধনীৰ তীব্র বিৰােধিতা কৰে। যুটীয়া সমিতিৰ আহ্বানমর্মে অগপক প্রতিনিধিত্ব কৰি নতুন দিল্লীত উপস্থিত হােৱা দলটােৰ জ্যেষ্ঠ নেতা গুণীন হাজৰিকা, মুখপত্র দিলীপ পাটগিৰি আৰু দিলীপ বৰাই সমিতিৰ অধ্যক্ষ সত্যপাল সিঙক হিন্দু শৰণার্থক নাগৰিকত্ব প্ৰদানৰ বিৰােধিতা কৰি অসম চুক্তিৰ আধাৰত অবৈধ বিদেশী নাগৰিকক চিনাক্তকৰণ আৰু বহিষ্কৰণ কৰি ঐতিহাসিক অসম আন্দােলনক সন্মান প্রদর্শন কৰিবলৈ আহ্বান জনায়। দলটােৱে লগতে যুটীয়া সংসদীয় সমিতিক অসমলৈ আহি ৰাজ্যখনৰ সকলো দল-সংগঠন আৰু জনসাধাৰণৰ মতামত গ্রহণ কৰিবলৈ আহ্বান জনায়। প্রতিনিধি দলটােৱে লগতে কয় যে অসমে কোনাে কাৰণতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা এজনাে অবৈধ অনুপ্ৰৱেশকাৰীৰ বােজা মানি নলয়। হিন্দুৱেই হওক বা মুছলমানেই হওক বিদেশী বিদেশীয়েই বুলি অভিহিত কৰি অবৈধ অনুপ্ৰৱেশকাৰীৰ উপস্থিতিৰ ফলতে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণে অস্তিত্বৰ সংকটত ভোগৰ লগতে ৰাজনৈতিক, অর্থনৈতিক, ভাষিক আৰু সাংস্কৃতিক প্রত্যাহ্বানৰ সন্মুখীন হৈছে। ৰাজ্যখনৰ জনগাঁথনিৰাে ব্যাপক পৰিৱর্তন হােৱা বুলি মত পোষণ কৰে। হিন্দু শৰণার্থক নাগৰিকত্ব প্রদান কৰা মানেই ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰা হ’ব বুলি সোঁৱৰাই দি অসমৰ জনসাধাৰণৰ আৱেগ-অনুভূতিত কুঠাৰাঘাত নকৰিবলৈ আহ্বান জনাই ৰাজ্যৰ মিত্ৰজোঁটৰ অংশীদাৰী দলটােৱে। আনহাতে, যুটীয়া সংসদীয় সমিতিৰ আহ্বানক্রমে নতুন দিল্লীত উপস্থিত হােৱা ছাত্র সস্থাৰ প্ৰতিনিধি দলটােৱেও অগপৰ দৰেই নাগৰিকত্ব আইনখনৰ সংশোধনীৰ বিষয়টােক লৈ তীব্র আপত্তি দর্শায়। ছাত্র সস্থাৰ প্ৰতিনিধি হিচাপে উপস্থিত হােৱা ছাত্র সংগঠনটােৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য আৰু শিক্ষাবিদ বসন্ত ডেকাই সংসদীয় সমিতিৰ আগত নাগৰিকত্ব (সংশোধনী) বিধেয়কক ২০১৬ৰ প্ৰৱর্তনে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু প্ৰভুত্ব নিঃশেষ কৰিব। এই বিধেয়কখনে অসম চুক্তি উলংঘা কৰিছে। সেয়ে অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভবিষ্যতৰ বাবে অসমে কোনাে কাৰণত কোনাে অবৈধ বাংলাদেশীৰ বােজা কেতিয়াও নলয়। অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিবই লাগিব বুলি স্পষ্ট কৰি দিয়ে। ছাত্র সস্থাৰ প্ৰতিনিধি দলটােৱে লগতে সংসদীয় সমিতিক অসমক ন্যায় প্রদান কৰিবলৈ আহ্বান জনায়। তদুপৰি প্ৰতিনিধি দলটােৱে এটা এটাকৈ তথ্য, যুক্তি দি কয়— অসম চুক্তি সম্পাদিত কৰাৰ সময়তে আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতা, ৰাষ্ট্রীয় প্রতিশ্রুতি, মানৱীয়তাৰ পৰিৱর্তে ১৯৭১ চনৰ সময়সীমা নির্ধাৰণ কৰা হৈছিল। সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু বাংলাদেশৰ প্রধানমন্ত্রীৰ মাজত সম্পাদিত চুক্তিৰ আধাৰত কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কৈছে যে ১৯৭১ চনৰ ২৪ মার্চৰ পিছত অহা সকলো বাংলাদেশীক ঘূৰাই পঠিওৱা হ’ব। সেয়ে সস্থাৰ প্ৰতিনিধি দলটােৱে সংসদীয় সমিতিক তথ্যসহকাৰে অৱগত কৰায়। সেইদৰে তেওঁলোকে অবৈধ বাংলাদেশীৰ ব্যাপক প্ৰব্ৰজনৰ ফলত অসমত বহিঃআগ্রাসন আৰু আভ্যন্তৰীণ অশান্তি সৃষ্টি হােৱা বুলি আই এম ডি টি আইন বাতিল কৰি প্ৰদান কৰা উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথা সংসদীয় সমিতিক অৱগত কৰায়। সংসদীয় সমিতিৰ সদস্যৰ লিখিত উত্তৰত ছাত্র সস্থাৰ প্ৰতিনিধি দলটােৱে হিন্দু-মুছলমানৰ নামত বিদেশীৰ সাম্প্রদায়িক বিভাজন মানি নল’বলৈকে যে সুদীর্ঘ ৬ বছৰ অসম আন্দােলন কৰা হৈছিল বুলি উল্লেখ কৰি অসম আন্দােলনত ৮৫৫জন শ্বহীদে প্রাণ হেৰুৱাব লগা হৈছিল বুলি কয়। প্রতিনিধি দলটােৱে লগতে কয় যে দেশৰ কোনো ৰাজ্যত জনসাধাৰণে নিজৰ পৰিষদ ৰক্ষাৰ বাবে আৰু অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে আন্দােলন কৰিব লগা হােৱা নাছিল। ১৯৭১ চনলৈ অহা বিদেশীৰ বোজা লোৱাৰ বাবে বৰঞ্চ অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক শীঘ্ৰেই সংবিধানৰ ৰক্ষা কবচ প্রদান কৰিবলৈ দৃঢ় মত পােষণ কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment