মুছলিম বিবাহ আইনৰ তিনি তালাক দি বিবাহ বিচ্ছেদ কৰা প্ৰথাৰ ঘোৰ বিৰোধিতা কৰিছে কেন্দ্রীয় চৰকাৰে । উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত কেন্দ্রীয় চৰকাৰে জনায় যে তিনিবাৰ তালাক শব্দ উচচাৰণ কৰি মুছলিম পুৰুষে পত্নীক বিচ্ছেদ দিয়া প্ৰথাৰ ক্ষেত্ৰত চৰকাৰৰ আপত্তি আছে। ‘কেন্দ্রীয় চৰকাৰে লিংগ সমতা আৰু মহিলাৰ সন্মানৰ ক্ষেত্ৰত আপোচ নকৰে।’ — শপতনামাত কেন্দ্রীয় চৰকাৰে এইদৰে উল্লেখ কৰে। উল্লেখ্য, মুছলিম মৌলবীয়ে সমর্থন কৰা তিনি তালাক প্রথা মুছলিম বিবাহ আইনৰ পৰা আঁতৰাই দিব নোৱাৰি আৰু এই প্রথা নতুনকৈ তৈয়াৰ কৰিব নােৱাৰি বুলি যোৱা দুই ছেপ্টেম্বৰত মুছলিম পাৰ্ছনেল ল' ব’ৰ্ড’-এ উচ্চতম ন্যায়ালয়ক জনাইছিল। ইয়াৰ বিৰােধিতা কৰিয়েই কেন্দ্রই শুকুৰবাৰে সর্বোচ্চ আদালতত শপতনামা দাখিল কৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment