দুৰ্গা::: নাৰীৰ এক অন্তৰ্নিহিত শক্তিৰ প্ৰতীক

দুৰ্গা::::নাৰীৰ এক অন্তৰ্নিহিত শক্তিৰ প্ৰতীক
                                  ---------ডঃ ছবি গগৈ
          সকলো আসুৰিক শক্তিৰ বিৰুদ্ধে আৰু অৱদমনৰ বিৰুদ্ধে । সাহস আৰু সততাৰে প্ৰতি গৰাকী নাৰীয়েই দুৰ্গা ৰূপত জাগ্ৰত হৈ উঠিব পাৰে । কিন্তু বাস্তৱটো হ'ল এনেকুৱা.... হয় নাৰীয়ে নিজৰ শক্তিৰ বিষয়ে নাজানেই , নহয় জনা সকলেও সঠিকভাৱে সঠিক ক্ষেত্রত প্ৰয়োগ কৰা নাই !

মনকৰিবলগীয়া কথাটো হ'ল , নাৰীয়ে অকলে এই শক্তি প্ৰয়োগ কৰিব নোৱাৰে । শুভাকাংক্ষী লাগিব , শুভাকাংক্ষীৰ সহযোগিতা লাগিব । এই সহযোগিতাকে একীভূত বা assembled বুলি ক'ব পাৰি । দুৰ্গাৰ দশভূজা ৰূপটোৰ অৰ্থ মই এনেকৈয়ে গ্ৰহণ কৰোঁ ।

সমাজ ৰচনাত নাৰীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । নাৰীৰ মাজত থকা শক্তিধাৰণ ক্ষমতাক পুৰুষ - নাৰী উভয়ে চিনি পোৱাটো জৰুৰী প্ৰসংগ । এই শক্তিধাৰণ ক্ষমতাক সঠিকভাৱে সঠিক কামত বৃহত্তৰ স্বাৰ্থত প্ৰয়োগ কৰাৰ কোনো বিজ্ঞানসন্মত নীতি বা চিন্তা-চৰ্চা আছে বুলি একেষাৰে কৈ দিবও নোৱাৰি । বহু অবিজ্ঞানসন্মত আৰু সংকীৰ্ণ চিন্তা-চৰ্চাৰ মাজতহে নাৰীৰ বিকাশ-প্ৰকাশৰ প্ৰসংগটো ৰুগ্ন হৈ আছে । বৰঞ্চ বহু ক্ষেত্ৰত দাবী আৰু সংৰক্ষণৰ মাজত "নাৰী" এক বাতুলতালৈ পৰিণত হোৱাও দেখা যায় । অৱদমন আৰু অত্যাচাৰ ভুগি থকা নাৰীৰ সংখ্যাটোও ভয় লগাকৈ বৃহৎ । এনে নাৰী বহুত ওলাব, যি খোৱা, পিন্ধা, ফুৰা, কৰ্ম কৰা সকলোতে কাৰোবাৰ অনুমতিলৈ বাট চাই থাকে । কাৰোবাৰ নিৰ্দেশ পালনেই জীৱনৰ ব্ৰত হৈ থাকে । এনে নাৰীয়ে নিজে কোন, কি আৰু কিহৰ বাবে, সেয়া ভাবিবলৈ শিকাই নাই আৰু শিকিবলৈ পৰিৱেশ পোৱা নাই । এচাম নাৰীয়ে ভাবিবলৈ শিকিও ভাবিবলৈ সুযোগ পোৱা নাই । যি সকলে এই সৌভাগ্য লাভ কৰিছে, তেওঁলোকো সময়ে সময়ে বিপৰীত শক্তিৰ সৈতে মুখামুখী হৈছে ।

নাৰী কেৱল সংসাৰধৰ্মৰে অংশীদাৰ বুলি ভাবিলে ভুল হ'ব । নাৰী সমাজ আৰু ৰাষ্ট্ৰধৰ্মৰো অংশীদাৰ । শতাংশত সংৰক্ষণ দি নাৰীক সুৰক্ষা দিব পাৰিব জানো ? যদি নাৰীক সকলো ৰচনা আৰু ধৰ্মৰ সমভাগী বুলি সকলোৱে অন্তৰেৰে আৰু সচেতনভাৱে অনুভৱসহ স্বীকৃতি নিদিয়ে ? কোনেও বধিব নোৱৰা মহিষাসুৰক সকলো দেৱতাই নিজৰ নিজৰ শক্তি দি একীভূত হোৱাৰ পাছত দুৰ্গা মহিষমৰ্দিনী হৈ উঠা দৈৱী কাহিনীটোৱে কি কৈ আছে বাৰু প্ৰকৃততে ? আহকচোন ভাবোঁ ।

দুৰ্গাশক্তিক আমি বিসৰ্জন দিওঁ । মাত্ৰ চাৰিদিন মাটিৰ মূৰ্তিক পূজা কৰোঁ । তাৰ পাছত নাৰী নাৰী হৈয়ে থাকি যায় । দুৰ্গাৰ মূৰ্তি নদীত ভাহি যায় । ধূপ-দ্বীপ আৰু ভক্তি-আস্থাৰ মাজত পূজ্য দুৰ্গাৰ মাটিৰ মূৰ্তি নদীত প্ৰদূষণ সৃষ্টিৰ কাৰক হৈ উঠে । এয়াই আমাৰ নিঃকিণ বাস্তৱ !!

Share on Google Plus

About Unknown

0 comments:

Post a Comment