অটোমেটিক টেলাৰ মেচিন অর্থাৎ চমুকৈ এ টি এমৰ তলি উদং হ’ব বুলি আশংকা কৰা হৈছে। কিয়নো দুর্গা পূজা, নৱৰাত্ৰি, দশোৰা, মহৰম আদি উৎসৱ প্রায় একেলগে উদযাপিত হােৱাৰ বাবে একেৰাহে পাঁচদিন বন্ধ থাকিব খণ্ডৰ বেংক। দীঘলীয়া বেংক বন্ধৰ ফলত লেন-দেন সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰাৰ বাবে দেশৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পৰিব। উল্লেখ্য, আঠ অক্টোবৰত মাহৰ দ্বিতীয় শনিবাৰ, না অক্টোবৰত দেওবাৰ, দহ অক্টোবৰত নৱৰাত্রি, এঘাৰ অক্টোবৰত দশেৰা আৰু বাৰ অক্টোবৰত মহৰমৰ বাবে দেশৰ সকলো খণ্ডৰ বেংক বন্ধ থাকিব। সেয়ে এটি এমতো নগদ ধনৰ নাটনি পৰিব বুলি আশংকা কৰা হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment