১৫ কিলোগ্রাম ওজনৰ সোণৰ সিংহাসনত বহে প্ৰাক্তন বিজেপি মন্ত্রী জনাৰ্দন ৰেডউীয়ে:: এদিনৰ উপার্জন পাঁচ কোটি টকা



এখন বিয়াৰ নিমন্ত্রণী-পত্র। এল চি ডি স্ক্রীনত দিয়া হৈছে এই নিমন্ত্রণী-পত্ৰখন। নিমন্ত্রণী-পত্ৰখন খোলাৰ লগে লগে বাজি উঠিব এটা দুই মিনিটজোৰা ভিডিঅ’। ব্রামহানি ৱেভছ ৰাজীৱ ৰেডউী।’ তাৰ পিছত বাজি উঠিব এটা গান। গানৰ তালে তালে নাচিছে দৰা-কইনাই। তাৰ মাজতে দেখা যাব এটা পৰিয়ালক। এটা বিশাল ৰাজপ্রাসাদৰ সন্মুখত থিয় হৈ পৰিয়ালটােৱে বিয়াখনলৈ নিমন্ত্রণ জনাইছে। দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই বিলাসী নিমন্ত্রণী-পত্ৰখন এগৰাকী বিজেপি নেতাৰ কন্যাৰ বিয়াৰ। কৰ্ণাটকৰ এই বিজেপি নেতাজনৰ নাম জনাৰ্জন ৰেডউী। দুখীয়াৰ দল বুলি জাহিৰ কৰি ফুৰা বিজেপি দলৰ এই নেতাজন হৈছে লোহা মাফিয়া। সম্পর্ক আছে অপৰাধ জগতৰ সৈতেও । কর্ণাটকৰ সকলো লোহাৰ খনি জনাৰ্দনৰ দখলত। সকলো চৰকাৰী আমোলাবিষয়া তেওঁৰ আঙুলিৰ ইংগিতত উঠা-বহা কৰে। কর্ণাটকত জনাৰ্দন উঠিৰজা-বহিৰজা। আইন মানি চলাৰ প্রশ্নই নুঠে। সম্পূর্ণ অবৈধ পস্থাৰে তেওঁ দেশৰ বিভিন্ন প্রান্তৰ লগতে বিদেশলৈকো লোহাৰ যোগান ধৰে। তেওঁৰ ওচৰত নিমাত দুখীয়াৰ কথা কোৱা প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী। জনাৰ্দনৰে সু-সম্পর্ক আছে কেন্দ্রীয় বিদেশ পৰিক্রমামন্ত্রী সুষমা স্বৰাজৰ লগতে বহু কেন্দ্রীয় মন্ত্রীৰ। বলীউডৰ চিনেমাৰ সভ্রান্ত খলনায়কৰ দৰে জীৱন-যাপন কৰা এইজন জনাৰ্দন ৰেডউীয়ে নিজৰ অপকৰ্মৰ বাবে তিনি বছৰ জে’লৰ ভাতো খাইছে। এবছৰ পূর্বে জে’লৰ পৰা ওলাই আহি পুনৰ একে উপায়েৰে সাম্রাজ্য গঢ়িছে ৪৯ বছৰীয়া বিজেপি নেতাজনে । ইতিমধ্যে আৰক্ষী আৰু চি বি আয়ে জনাৰ্দনৰ ৰাজপ্রাসাদৰ পৰা বহু সম্পত্তি আৰু ধন জব্দ কৰিছে। অবৈধ খনিৰ লগত জড়িত জনাৰ্দন ৰেডউী তিনিবছৰ কাৰাবাসত আছিল। তেওঁক গ্রেপ্তাৰ কৰাৰ সময়ত অর্থাৎ ২০১১ চনত চি বি আয়ে অভিযান চলাই তিনি মহলীয়া ৰাজপ্রাসাদ সদৃশ বাসগৃহৰ পৰা বহু সম্পত্তি জব্দ কৰে। ৰেডউীৰ বাসভৱনৰ ভিতৰত আছে এটা কার্যালয়, ইন্দোৰ ছুইমিং পুল, মাছেজ পার্লাৰ, এখন বাৰ, হােম থিয়েটাৰ। চাৰিওফালে নিৰাপত্তাৰক্ষীৰে ঘেৰি থকা ঘৰটোৰ আধা কিলোমিটাৰ দূৰত্বৰ পৰা আছে চি চি টিভি। সকলো কাঁহী-বাটি, কটাৰী, কাপ সোণ, ৰূপ আৰু হীৰাখচিত। শতাধিক বিলাসী বাহন, এখন ব্যক্তিগত হেলিকপটাৰ তেওঁৰ ঘৰৰ পৰা জব্দ কৰা হৈছিল। ২.২ কোটি টকা মূল্যৰ সোণ, ৰূপ আৰু হীৰাখচিত ১৫ কিলোগ্রাম ওজনৰ এখন সিংহাসনত বহে জনাৰ্দন। তিৰুপতি মন্দিৰত তেওঁ ৪৩ কোটি টকা মূল্যৰ এখন সিংহাসন দান দিছে। ৪৫ডাল নেকলেছ,৬১০ডাল সোণৰ খাৰু (ইয়াৰে ৩৫ ডাল হীৰাখচিত), ৩০০ যোৰা কাণফুলি, (৭৫ যোৰ হীৰাৰ), ১২০০টা সোণৰ আঙঠি, (১০০টা হীৰাৰ) আঙঠি তেওঁৰ ঘৰৰ পৰা চি বি আয়ে জব্দ কৰি ৰাখিছে। কেৱল সোণৰ এক ফুট ওখ ভগৱান ভেংকটেশ্বৰসহ ছটা মূর্তিও জব্দ কৰা হৈছে। তেওঁৰ আছে ১৩ লাখ টকাৰ সোণখচিত এডাল বেল্ট। এনেদৰেই কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী এইজন বিজেপি নেতা। দিনে ৫ কোটি টকা উপার্জন কৰা ৰেডউীৰ আয়ৰ উৎস কি ? ২০০৭ চনৰ পৰা ২০১০ চনলৈ কর্ণাটকৰ খনি ক্ষেত্ৰত চলিছিল ৰেডউীৰাজ। কর্ণাটকৰ পৰা ৰেডউীৰ নেতৃত্বত ২৯.৮ নিযুত টন অবৈধ লোহাৰ আকৰা ৮টা বন্দৰৰ পৰা বিদেশলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ মূল্য আছিল ১২,২২৬ কোটি টকা। চীন, ব্রাজিল, ছিংগাপুৰ আৰু হংকঙৰ দৰে দেশলৈ ১২.৭ নিযুত টন অবৈধ লোহা ৰপ্তানি কৰিছিল। ৰেড্ডী আৰু তেওঁৰ ভ্ৰাতৃসকলে এই ব্যৱসািয়ত ৫,০০০ কোটি টকা আয় কৰিছিল আৰু চৰকাৰক কৰ ফাঁকি দিছিল। তেওঁ নিজে স্বীকাৰ কৰিছে যে তেওঁৰ দৈনিক উপার্জন ৫ কোটি টকা। তেওঁৰ অধীনত আছে এটা বিশাল ব্যক্তিগত সেনা বাহিনী। সকলো অবৈধ কামত বিজেপি নেতাগৰাকীৰ সহায়ক এইসকল লোক। ৰেডউীয়ে ব্যক্তিগত আৰু বনভূমিসমূহ ঘোচ, ভাবুকি আৰু শক্তি প্রদর্শনেৰে হস্তহত কৰে। পদ্ধতিগতভাৱে চৰকাৰক নিজৰ অধীনত ৰখা ৰেডউীক বৈধ খনি ব্যৱসায়ীয়েও ৩০ৰ পৰা ৪০ শতাংশ কমিছন দিব লাগে। জিলা প্রশাসন, আৰক্ষী, ৰাজহ বিভাগ, খনি আৰু বন বিভাগৰ বিষয়াকর্মচাৰী তেওঁৰ হাতৰ মুঠিত। যদি কোনাে কৃষকৰ মাটি ৰেড্ডীৰ চকুত পৰে, তেন্তে কৃষকজনে বিনা আপত্তিৰে মাটি এৰি দিয়ে। এগৰাকী বিজেপি নেতাই এই সন্দৰ্ভত কয়— ‘ৰেডউীয়ে যদি মাটিখিনিৰ বিনিময়ত কৃষকজনক কিছু ধন দিয়ে তেওঁ নিজকে ভাগ্যৱান বুলি ভাবে। ৰেডউীয়ে ভ্ৰাতৃ কৰুণাকৰক কর্ণাটকৰ মুখ্য মন্ত্ৰী আৰু সুষমা স্বৰাজক দেশৰ প্ৰধান মন্ত্রী হিচাপে পাব বিচাৰে। জনাৰ্দন আৰু তেওঁৰ পত্নীৰ নামে-বেনামে আছেআমাৰ প্রায় ৪০ লাখ বেংক একাউণ্ট। কর্ণাটকৰ লোকায়ুক্তৰ ৮০০ পৃষ্ঠাজোৰা প্রতিবেদনৰ ভিত্তিত ২০১১ চনত গ্রেপ্তাৰ কৰা হৈছিল এইজন লোহা মাফিয়াক। নতুন দিল্লীৰ বিজেপি নেতৃত্বৰ আশিসপুষ্ট এইগৰাকী ধনাঢ্যৰ বিৰুদ্ধে মোদী চৰকাৰৰ পৰৱতী পদক্ষেপ হ’ব লক্ষণীয়। আনহাতে, নৱেম্বৰত অনুষ্ঠিত হ’ব কন্যা ব্রামহানিৰ বিবাহ। বিবাহ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠান পৰিৱেশন কৰিব চেলিব্রিটী শ্বাহৰুখ খান, প্ৰভুদেৱা, কেট্‌ৰিণা কাঈফ আদিয়ে। [ খবৰৰ উৎস :: আমাৰ অসম ]

Share on Google Plus

About Unknown

0 comments:

Post a Comment