পঞ্চী দত্ত::
হিন্দু বাংলাদেশী, মূল্যবৃদ্ধি, ছার্জিকেল ষ্ট্রাইক আদিৰ সমান্তৰালকৈ সম্প্রতি অসমত চর্চিত হোৱা এটা প্রধান বিষয় হৈছে আচার্য পংকজ পাঠকৰ চিকিৎসা বিধান৷ সৌ সিদিনালৈকে যিজন মানুহক কোনেও চিনি পোৱা নাছিল তেওঁৰ নাম আজি মানুহৰ মুখে মুখে বৈদু্যতিন মাধ্যমৰ প্রচাৰৰ বাবে৷ ফে'চবুকৰ দৰে জনপ্রিয় ছ'চিয়েল মিডিয়াতো তেওঁৰ বিভিন্ন ৰোগৰ বিধান সম্পর্কে ব্যাপক চর্ পৰিলক্ষিত হৈছে৷ কোনোবা নিউজ চেনেলে যদি তেওঁক ষ্টুডিঅ'ত বহুৱাই বেমাৰৰ বিধান দিয়া অনুষ্ঠানৰ পোনপটীয়া সম্প্রচাৰ কৰিছে, একে সময়তে আন এটা চেনেলে সম্প্রচাৰ কৰিছে তেওঁৰ ঔষধ খাই পার্শ্বক্রিয়া হোৱা ৰোগীক লৈ কৰা অনুষ্ঠানৰ৷ গতিকে ৰাইজো বিভ্রান্ত– তেওঁলোকে এতিয়া কাক বিশ্বাস কৰিব? গ্রামাঞ্চলৰ স্বাস্হ্য খণ্ডৰ পঁয়ালগা অৱস্হা, চহৰৰ ব্যয়বহুল চিকিৎসা, চিকিৎসক আৰু ৰোগীৰ মাজত সংযোগ ব্যৱধান (Communication gap), জনসাধাৰণৰ অজ্ঞতা আদিৰ সুযোগ লৈ আমাৰ গাঁৱে-ভূঞে, চহৰে-নগৰে সময়ে সময়ে এনে ধৰণৰ স্বয়ম্ভু বেজ, কবিৰাজ, বাবা, ফকীৰ আদিৰ আৱির্ৱ ঘটিয়েই থাকে৷ জনসাধাৰণো এওঁলোকৰ প্রতি সহজে আকর্ষিত হয়৷ পংকজ পাঠকক কেন্দ্র কৰি হোৱা বিতর্কৰ আঁত ধৰি আমাৰ মনলৈ আহিছে কেইটামান প্রশ্ন–
(1) যদিও পৰিয়ালৰ তৰফৰ পৰা কোনেও মুকলিকৈ দাবী কৰা নাই, এটা নিউজ চেনেলে কৈছে যে পংকজ পাঠকৰ দৰব গ্রহণ কৰি ইতিমধ্যে মৃতু্য হৈছে দুজনকৈ লোকৰ৷ বাতৰিৰ সত্যাসত্য নাজানো৷ কিন্তু যদি সঁচাকৈয়ে হৈছে তেন্তে ইয়াৰ সঠিক তদন্ত হোৱা উচিত৷ যিদৰে ডাঃ ধনীৰাম বৰুৱাক এজন ৰোগীৰ মৃতু্যৰ বাবে জগৰীয়া কৰি জে'ল হাজোতলৈ প্রেৰণ কৰা হৈছিল, একেই আইনী প্রক্রিয়াৰে পাঠকৰ ওপৰতো ব্যৱস্হা গ্রহণ কৰা হওক৷ ৰাইজক গিনিপিগ সজোৱাৰ অধিকাৰ নিশ্চয় কাৰো নাই৷
(2) পংকজ পাঠকৰ দৰে অসংখ্য বেজ, কবিৰাজ, ফকীৰ, বাবা অসমত সিঁচৰতি হৈ আছে৷ সাপ্তাহিক বজাৰ এখনলৈ গ'লেই এই কথাৰ প্রমাণ পোৱা যায়৷ পথৰ কাষতে সন্মুখত বিভিন্ন গছৰ ছাল, শিপা, শাত আদি লৈ মুকলিকৈয়ে বিক্রী কৰি থাকে এইসকল স্বয়ম্ভু কবিৰাজে৷ এইবোৰ যেনেদৰে অবৈধ তেনেদৰে ফার্চিষ্ট নোহোৱাকৈ চলাই থকা ফার্চীবোৰো অবৈধ৷ সচেতন ব্যত্তিু হিচাপে আমি এনে ফার্চীবোৰৰ বিৰুদ্ধেও মাত মাতিব নালাগেনে?
(3) সম্প্রতি অসমৰ চিকিৎসা ব্যৱস্হা অতি ব্যয়বহুল হৈ পৰিছে৷ সাধাৰণ একোটা বেমাৰতে মাত্র ঔষধ কোম্পানী আৰু পৰীক্ষাগাৰবোৰৰ পৰা শকত কমিছন পোৱাৰ স্বার্থতে হকে বিহকে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি ৰোগীক সর্বস্বান্ত কৰা চিকিৎসকসকলৰ কথা এতিয়া সর্বজনবিদিত, সেয়েহে সাধাৰণ ৰাইজে পাঠকৰ বিনামূলীয়া বনৌষধিৰ পৰামর্শবিলাক অন্তৰেৰে গ্রহণ কৰিছে৷ কিন্তু যিদিনাই চিকিৎসকসকলে চিকিৎসাক ব্যৱসায়ৰ সলনি এক মানৱ সেৱা হিচাপে গণ্য কৰিব, চিকিৎসকৰ ওচৰলৈ গৈ ৰোগী তথা ৰোগীৰ আত্মীয়ই হাৰাহাস্তিৰ পৰিৱর্তে ভাল ব্যৱহাৰ পাব, চিকিৎসা ব্যয় বহন কৰাৰ বাবে ঘৰ, মাটি, সম্পত্তি বেচি দেউলীয়া হ'ব লগা নহ'ব, সেই দিনাৰ পৰাই আমাৰ সমাজত পংকজ পাঠক অথবা বাবা, ফকীৰ আদিৰ প্রভাৱ নিজে নিজে কমি নাযাবনে?
(4) ইতিমধ্যে পংকজ পাঠকে এটা টেলিভিছন চেনেলত নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ আয়ুর্বেদ সম্পর্কে কোনো আনুষ্ঠানিক শিক্ষা নাই৷ তেওঁ দিয়া ঔষধে কাম দিয়ে নে নিদিয়ে সেই কথা তেওঁ নিজেও নাজানে৷ তেওঁ মাত্র ৰাজীৱ দীক্ষিত নামৰ গুৰুৱে কোৱা কথাবোৰহে প্রচাৰ কৰিছে৷ তেওঁৰ ঔষধ খাই যদি কাৰোবাৰ পার্শ্বক্রিয়া হৈছে তেন্তে তাৰ বাবে তেওঁ দায়ী নহয়৷ যিদৰে ছলমান খানে ওখ বিল্ডিঙৰ পৰা চিনেমাত জাঁপ মৰা দেখি কোনোবাই জাঁপ মাৰিলে ছলমান খানে দায়িত্ব নলয়৷ তেওঁ কৰা প্রচাৰত যদি কিবা ভুল আছে, তাৰ বাবে তেওঁৰ গুৰুকহে প্রশ্ন কৰিব লাগিব৷ যাৰ ইতিমধ্যে ছবছৰ পূর্বে মৃতু্য হৈছে৷' এনে ঘোষণাৰ পাছত ৰাইজে পংকজ পাঠকৰ বিধান গ্রহণ কৰিব নে নকৰে, সেই কথা নিজেই বিবেচনা কৰি চাব নোৱাৰিবনে?
(5) ইতিমধ্যে যি দুটা চেনেলে পংকজ পাঠকৰ চিকিৎসাক অন্ধ বিশ্বাস বুলি প্রচাৰ কৰিছে, সেইকেইটা চেনেলৰ দুমুখীয়া নীতিয়েও ৰাইজক আশ্বস্ত কৰিব পৰা নাই৷ এটা চেনেলে কিছু দিনৰ আগতে ভূতৰ অস্তিত্ব আছে বুলি ধাৰাবাহিক অনুষ্ঠানৰ সম্প্রচাৰিত কৰিছিল আৰু আনটো চেনেলত প্রতি মুহূর্ততে বিভিন্ন বাবা, ফকীৰ আদিৰ চমৎকাৰী পুৰুষৰ বিজ্ঞাপন সম্প্রচাৰ কৰি থকা দেখা যায়৷ ভূতৰ অস্তিত্ব আছে বুলি কৈ ডাইনী হত্যা ৰোধ কৰিবলৈ যোৱা আৰু ডিঙিয়ে-হাতে গ্রহ দোষ দূৰ কৰা ৰত্ন পৰিধান কৰি অন্ধবিশ্বাসৰ বিষয়ে ভাষণ দিলে শোভা পায়নে?
(ফ'ন ঃ 9864967343]
0 comments:
Post a Comment