ন্যায়ালয়ৰ নিষেধাজ্ঞা::ৰাজ্যিক ক্রিকেট সংস্থালৈ বি চি চি আইৰ ধন মুকলিত




ভাৰতীয় ক্রিকেট ব’ৰ্ডক বিষম আঘাত দি উচ্চতম ন্যায়ালয়ে সংস্থাটােক ৰাজ্যিক ক্রিকেট সংস্থালৈ ধন মুকলি কৰাতো নিষিদ্ধ কৰিছে। যেতিয়ালৈকে বি চি চি আয়ে লোধা কমিটীৰ পৰামৰ্শাৱলী ৰূপায়ণ নকৰে তেতিয়ালৈকে বি চি চি আয়ে ৰাজ্যিক ক্রিকেট সংস্থাসমূহলৈ ধন মুকলি কৰিব নােৱাৰে বুলি জাৰি কৰিছে। ইয়াৰ উপৰি সর্বোচ্চ আদালতে আন এক নির্দেশত কৈছে যে ব’ৰ্ডৰ সভাপতি অনুৰাগ ঠাকুৰে আই চি চিৰ মুৰব্বীৰ সৈতে শেহতীয়াকৈ কি আলোচনা কৰিছিল তাৰ সবিশেষ উচ্চতম ন্যায়ালয়ক জনাব লাগিব। সর্বোচ্চ আদালতে ক্রিকেট ব’ৰ্ডক লোধা কমিটীৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰিব বুলি শপতনামা দাখিলৰাে ৰাজ্যিক ক্রিকেট সংস্থালৈনির্দেশ দিছে। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰৰ শুনানিত বি চি চি আইক ২৪ ঘণ্টাৰো কম সময়ৰ চৰমসীমা দিলেও আজি অৱশ্যে সর্বোচ্চ আদালতে ক্রিকেট ব’ৰ্ডক সামান্য ৰেহাই দি শুনানি ১৭ অক্টোবৰলৈ পিছুৱাই দিয়ে। কিয়নো অহা ১৬ অক্টোবৰপৰ্যন্ত আদালত বন্ধ থাকিব। উল্লেখ্য, লোধা কমিটীৰ পৰামৰ্শাৱলী ৰূপায়ণৰ ক্ষেত্ৰত বিচি চি আয়ে কি পদক্ষেপ ল’ব তাৰ চয়-নিচয় কৰি আজি আদালতত লিখিতভাৱে জনাবলৈ নির্দেশ দিছিল। পৰামৰ্শাৱলী ৰূপায়ণ কৰিবলৈ অস্বীকাৰ কৰিলে সর্বোচ্চ আদালতে ব’ৰ্ডৰ সকলো বিষয়ববীয়াক অপসাৰণ কৰি ব'র্ড পৰিচালনাৰ বাবে ভিন্ন প্রশাসক নিযুক্তি দিব বুলি জনাইছিল। কিন্তু আজি উচ্চতম ন্যায়ালয়ে সেই চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পৰা বিৰত থাকি বি চি চি আইক সাময়িকভাৱে নিস্কৃতি দি কেৱল অন্তর্বর্তীকালীন নির্দেশহে জাৰি কৰে। উল্লেখ্য, লোধা কমিটীয়ে বিচি চি আইৰ সংস্কাৰৰ অৰ্থে বহু পৰামর্শ আগবঢ়ালেও ব’ৰ্ডে ইয়াৰ আংশিকহে ৰূপায়ণ কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। ইয়াৰ ফলতে সর্বোচ্চ আদালত বি চি চি আইৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে।


Share on Google Plus

About Unknown

0 comments:

Post a Comment