আমেৰিকাৰ হাইটিত বিধ্বংসী ঘূর্ণিত নিহত ৪৭৮::জর্জিয়া, দক্ষিণ কেৰলিনাত জৰুৰী অৱস্থা ঘোষণা



মার্কিন যুক্তৰাষ্ট্ৰৰ পূব উপকূলত খুন্দা মাৰিছে হাৰিকেন মেথিউৱে। ঘণ্টাত ১৯৩ ইছ কিলোমিটাৰ দ্রুতবেগী মেথিউ ঘূর্ণি স্পন বতাহে প্রায় ধ্বংসস্তুপত পৰিণত কৰিছে হাইটি । প্রায় ৮০ শতাংশ বাসগৃহ ধূলিসাৎ কৰি পেলায় মেথিউৱে। ক্ষুদ্র দেশখনৰ অতি কমেও ৩.৫০ লাখ লোক গৃহহাৰা হৈ পৰিছে। বিগত এটা দশকত কেৰিবিয়ান দ্বীপৰাষ্ট্ৰখনত ধ্বংসলীলা সৃষ্টি কৰাৰ পিচত মেথিউ অগ্ৰসৰ হয়। পূব মার্কিন উপকূলৱতী ফ্ল’ৰিডাৰ দিশে। কৃত্রিম উপগ্ৰহৰ চিত্ৰমতে হাইটিত সংহাৰ সৃষ্টি কৰাৰ পিচত মেথিউৰ গতিবেগ কিছু হ্রাস পায়। ঘূর্ণিৰ লগতে ফ্ল’ৰিডাত নেৰানেপেৰা বৃষ্টিপাত সংঘটিত হ’লেও এইপৰ্যন্ত সংহাৰ সীমিত পর্যািয়তে আছে বুলি জানিব পৰা গৈছে। পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি ৰাষ্ট্রপতি বাৰাক ওবামাই ফ্ল’ৰিডা, জর্জিয়া আৰু দক্ষিণ কেৰ’লিনাত জৰুৰীকালীন পৰিস্থিতি ঘোষণা কৰাৰ লগতে গৃহ নিৰাপত্তা বিভাগ আৰু ফেডাৰেল দুর্যোেগ প্রশমন এজেন্সিক ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে জৰুৰী নির্দেশ জাৰি কৰিছে। লগতে ফ্ল’ৰিডাৰ গৱৰ্নৰ ৰিক স্কটে পূব উপকূলবাসীক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে। ইতিমধ্যে ফ্ল’ৰিডাত বিদ্যুৎ সংযোগ কর্তন কৰাত তিনি লাখৰাে অধিক লোক অন্ধকাৰত থাকিবলগীয়া হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment