আইভিএফ পদ্ধতিৰে জন্মলাভ কৰা ল’ৰা তুলনামূলকভাৱে কম বীৰ্যৱান হয়




ব্যাপক গৱেষণা আৰু চর্চা আইভিএফ ( In Vitro Fertillization) পদ্ধতিক লৈ আৰম্ভ হৈছে । শেহতীয়াকৈ এক উচ্চ পর্যায়ৰ গৱেষণাই আঙুলিয়াই দিছে যে আইভিএফ পদ্ধতিৰে জন্মলাভ কৰা ল’ৰা তুলনামূলকভাৱে কম বীৰ্যৱান হয়। জার্নেল অৱ হিউমেন ৰি-প্ৰডাকচনত শেহতীয়াকৈ প্রকাশিত এক গৱেষণা মতে শেহতীয়া সময়ছোৱাত আইভিএফ পদ্ধতিৰে জন্মলাভ কৰা শিশুৰ সংখ্যা বাঢ়িছে যদিও বিভিন্ন শাৰীৰিক আৰু মানসিক প্রতিবন্ধকতাও তেনে সস্তানৰ গাত তুলনামূলকভাৱে অধিক দেখা গৈছে। শেহতীয়াকৈ বেলজিয়ামৰ এটা চিকিৎসা বিজ্ঞানীৰ দলে এই সন্দৰ্ভত গৱেষণা চলাই উল্লিখিত পদ্ধতিৰে জন্মলাভ কৰা প্রথম প্রজন্মৰ কিছুসংখ্যক লোকৰ শৰীৰ পৰীক্ষা কৰি জানিব পাৰে যে এই পুৰুষসকল সাধাৰণভাৱে জন্মলাভ কৰা পুৰুষসকলতকৈ কম বীৰ্যৱান। তেওঁলোকৰ বীৰ্যৰ মানো যথেষ্ট দুর্বল। বিজ্ঞানীৰ দলটোৰ মতে এই লোকসকলৰ পিতৃ পুৰুষৰ ইনফার্টিলিটিৰ বাবে আইভিএফ পদ্ধতি হাতত ল’ব লগা হৈছিল। অৱশ্যে এই গৱেষণাৰ সত্যতা কিমান তাকে লৈ আৰম্ভ হৈছে চর্চাও ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment