সমগ্র বিশ্বতে ২৭ ডিচেম্বৰত উত্তোলন হ’ব অসম সাহিত্য সভাৰ পতাকা:: ব্যাপক প্রস্তুতি



অসম সাহিত্য সভাই গৌৰৱোজ্বল শতবৰ্ষৰ শুভাৰম্ভণি কার্যক্রম ৰাজ্যজুৰি অহা ২৬ আৰু ২৭ ডিচেম্বৰত সম্পন্ন কৰিবৰ বাবে ব্যাপক প্রস্তুতি চলাইছে । অসমৰ জাতীয় জীৱনৰ শতবর্ষ হিচাপে গণ্য কৰি সাহিত্য সভাৰ এই বর্ষজোৰা শতবর্ষ মহােৎসৱৰ উদ্বোধনী কার্যক্রম সফল ৰূপায়ণৰ বাবে সাহিত্য সভাই সকলো স্বীকৃতিপ্রাপ্ত শাখা সভা, জিলা সভা, স্বীকৃত সভাক অহা ৬ নৱেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ টেকন'চিটিত অৱস্থিত ইউনিভাৰছিটি অব ছায়েন্স এণ্ড টেকন'লজিৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’বলগা ২০১৫-১৭ কার্যকালৰ সপ্তম পূৰ্ণাংগ কার্যনির্বাহক অধিৱেশনত জিলা প্রতিনিধিৰ যোগেদি পতাকা উত্তোলকৰ তালিকা প্রেৰণ কৰিবলৈ ৰাজহুৱাভাৱে আহ্বান জনাইছে। এক সংবাদ বিজ্ঞপ্তিযোগে সভাৰ প্রধান সম্পাদক ড° পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়া মতে শতবৰ্ষৰ শুভাৰম্ভণি উপলক্ষে ৰাজ্যৰ তথা ৰাজ্যৰ বাহিৰৰ প্ৰায় এহেজাৰ শাখা সভাই শতবৰ্ষৰ স্মৃতি সোঁৱৰণ কৰি অহা ২৭ ডিচেম্বৰৰ পুৱা ৮.৪৫ বজাত একেলগে সমগ্র বিশ্বত এখনকৈ সভাৰ পতাকা এজনকৈ বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰিব। উল্লেখযোগ্য যে সভাৰ শুভাকাংক্ষী, সভাৰ লগত জড়িত বিশিষ্ট ব্যক্তি, স্থানীয় বয়ােবৃদ্ধ-জ্ঞানবৃদ্ধ ব্যক্তি, সমাজকর্মী, লেখক-সাংবাদিক, শিল্পী ব্যৱসায়ী আদি সকলো নেতৃস্থানীয় ব্যক্তিক শতবৰ্ষৰ এই পতাকা উত্তোলনৰ বাবে অঞ্চলবিশেষে অসম সাহিত্য সভাৰ সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাই আনুষ্ঠানিকভাৱে সভাৰ তৰফৰ পৰা পতাকা উত্তোলনৰ বাবে দায়িত্ব ন্যস্ত কৰিব। সেয়ে শাখা সভাসমূহে নিজৰ নিজৰ এলেকাৰ পতাকা উত্তোলকৰ তালিকা শীঘ্ৰে প্ৰেৰণ কৰিবলৈ প্রধান সম্পাদকে বিজ্ঞপ্তিযোগে আহ্বান জনাইছে।



Share on Google Plus

About Unknown

0 comments:

Post a Comment