ৰণবীৰ কাপুৰৰ সৈতে ঐশ্বৰ্য ৰায়ৰ অন্তৰংগ দৃশ্য ::বলীউডত ব্যাপক চর্চা

Aishwarya Rai Bachchan

'য়ে দিল হাে মুস্কিল’ নামৰ চিনেমাখনত এইবাৰ কিছু নতুন ৰূপত দৰ্শকৰ সন্মুখলৈ আহিবলগা মােহময়ী অভিনেত্রী ঐশ্বৰ্য ৰায়ৰ কিছু দৃশ্য আৰু আদব কায়দা বলীউডত চৰ্চাৰ বিষয় হৈ পৰিছে। স্বাভাৱিকতে ইয়াৰ দ্বাৰা আক্রান্ত হৈছে বচ্চন পৰিয়াল। ঐশ্বর্যই ৰণবীৰ কাপুৰৰ লগত অভিনয় কৰা কৰণ জোহৰৰ নতুন চিনেমাখনি দর্শকৰ মাজলৈ আহিব অহা ২৮ অক্টোবৰত। কিন্তু চিনেমাখন অহাৰ আগতেই যি ফটাে আৰু ভিজুৱেলৰ প্ৰচাৰ চলিছে তাকে লৈ আৰম্ভ হৈছে ব্যাপক চর্চা। এই ছবিত অভিনয় কৰিবলৈ ঐশ্বর্যই শৰীৰৰ ওজন কমাইছে ভালেখিনি। সাজসজাও কৰিছে অন্যধৰণে। আৰু তাতকৈ ডাঙৰ কথা হ’ল অভিনেত্ৰীগৰাকীয়ে এইবাৰ ছবিখনৰ নায়ক ৰণবীৰ কাপুৰৰ সৈতে অংশগ্রহণ কৰিছে কেইবাটাও যৌনগন্ধী দৃশ্যত। বহুতৰ মতে এনে দৃশ্য ঐশ্বৰ্য ৰায়ৰ ক্ষেত্ৰত সাধাৰণতে আশা কৰা নাযায়। কিন্তু কি কাৰণত কৰণ জোহৰৰ চিনেমাই এনে দৃশ্যক আগস্থান দিছে তাকে লৈ বলীউডত আৰম্ভ হৈছে চর্চা।
Share on Google Plus

About Unknown

0 comments:

Post a Comment