১) মহানগৰীৰ ছয়মাইলত পুৱাই ভয়ংকৰ দুৰ্ঘটনাত নিহত দুজন। মৰিগাঁৱৰ পৰা মহানগৰীলৈ মাছ কঢ়িয়াই অনা বাহন দুৰ্ঘটনাগ্ৰস্ত।
২) আৰক্ষীৰ সুৰক্ষা বেষ্টনীৰ মাজতে দৈনিক গুৱাহাটীত চোৰৰ টিঘিলঘিলনি। গণেশগুৰিৰ বস্ত্ৰ বিপণীত লুটপাতৰ পিছত এইবাৰ কালাপাহাৰৰ জুৱেলাৰীৰ পৰা নিশা লুটি নিলে ৮ লক্ষাধিকৰ অলংকাৰ।
৩) কালীপূজা, দীপাৱলীক লৈ দেশজুৰি উলাহ। একাংশ দল-সংগঠনৰ বৰ্জনৰ আহ্বান সত্বেও চীনা সামগ্ৰীৰে ভৰিল দীপাৱলীৰ বজাৰ।
৪) মুখ্যমন্ত্ৰীৰে আলোচনাৰ পিছতে ৭২ ঘণ্টীয়া বন্ধ প্ৰত্যাহাৰ কৰিলে ৬ জনগোষ্ঠীয় ঐক্যমঞ্চই। জনজাতিকৰণ সম্পৰ্কত গৃহমন্ত্ৰীৰে আলোচনা কৰাই দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।
৫) সীমান্তত ভাৰতীয় জোৱানৰ মৃতদেহৰ ডিঙি কাটি লৈ গ’ল পাক সেনাই। ধাৰাবাহিক অস্ত্ৰবিৰতি উলংঘা অব্যাহত। ২৪ ঘণ্টাত ১২ বাৰ অস্ত্ৰবিৰতি উলংঘাত মহিলাসহ নিহত ৩। নিশা সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী।
৬) সৰুসজাইত কলকাতাৰ হাতত ২-১ গ’লত পৰাস্ত NEUFC। ISLৰ পইণ্ট তালিকাত তৃতীয় স্থানলৈ অৱনমিত নৰ্থ ইষ্ট ইউনাইটেড।
৭) আজি বিশাখাপট্টনমত ভাৰত-নিউজীলেণ্ডৰ অন্তিম এদিনীয়া। ৫খনীয়া শৃংখলাত দুখনকৈ খেলত জয়েৰে সমতা স্থাপনৰ পিছত অগ্নিপৰীক্ষা হ’ব ধোনী বাহিনীৰ।
0 comments:
Post a Comment