জানো আহক :: জালনোট কেনেকৈ চিনাক্ত কৰিব পাৰি ?

ভাৰতত বহু কোটি জালানোটৰ প্ৰচলন হৈ আছে। মঙলবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ১০০০ আৰু ৫০০ টকীয়া নোট ভালদৰে চাইহে গ্রহণ কৰিবলৈ সকীয়নি দিছে। কাৰণ জালনেটৰ ব্যৱসায়ীসকলে ১০০০ আৰু ৫০০ টকীয়া নোট জাল কৰি আহিছে। সেয়েহে জালনোট যাতে হাতলৈ নাহে, তাৰ বাবে সাৱধান হওক। কিন্তু প্রকৃত নে জাল তাক কেনেকৈ চিনাক্ত কৰিব ? তলত কেইটামান জালনোট চিনাক্ত কৰাৰ পদ্ধতি উল্লেখ কৰা হ’ল-
(১) ৱাটাৰ মার্ক ::ভাৰতীয় নোটত থকা গান্ধীজীৰ ছবিৰ ওচৰত থকা সৰু ঠাইখিনি যদি ভালদৰে চোৱা যায় তেনেহ’লে তাত ৱাটাৰ মার্ক দেখা যায়।
(২) ছিকিউৰিটী থ্রেড :: নোটখনৰ একেবাৰে মাজত থকা পোন ৰেখাডাললৈ লক্ষ্য কৰিলে দেখা যাব তাত হিন্দীতে ভাৰত আৰু আৰ বি আই লিখা থাকে। এয়া নোটৰ ছিকিউৰিটী।
(৩) অস্টিকেল ভেহিকল চিয়াঁহী:: এই চিয়াঁহী ব্যৱহাৰ কৰিয়েই ১০০০ আৰু ৫০০ টকীয়া নোট ছপা কৰা হয়। নোটখনৰ মাজত ৫০০ আৰু ১০০০ সংখ্যাকেইটা ছপা কৰোঁতে এই চিয়াঁহী ব্যৱহাৰ কৰা হয় |
(৪) ফ্ল’ৰচেঞ্চ :: নোটখনৰ তলফালে বিশেষ নম্বৰ দিয়া হয়, যিটো নম্বৰে এক বিশেষ ছিৰিজ দেখুৱায়। যদি নোটখনত আল্টাভায়’লেট ৰশ্মি ধৰা হয়, তেনেহ’লে এই নম্বৰকেইটা উজলি উঠে।
(৫) ইন্টেগ্নিঅ’প্ৰিণ্টিং:: উল্লেখ কৰিব পাৰি যে নোট ছপা কৰাৰ সময়ত ব্যৱহাৰ কৰা হয় বিশেষ ধৰণৰ চিয়াঁহী। যিবিধ চিয়াঁহীৰ বাবে মহাত্মা গান্ধীৰ ফটো আৰ বি আইৰ ছাল আৰু আৰবি আইৰ গৱৰ্নৰৰ হস্তক্ষেত্ৰত স্পর্শ কৰিলে অন্য এক অনুভৱ হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment