নাগৰিকত্ব আইন সংশোধনী প্রক্রিয়াৰ শুনানি ::২৫ অক্টোবৰত আছুক আমন্ত্রণ



সদৌ অসম ছাত্র সন্থাক হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰাৰ উদ্দেশ্যে কেন্দ্রীয় চৰকাৰে কৰিবলগীয়া নাগৰিকত্ব আইন সংশোধনী প্রক্রিয়াৰ বাবে গঠন কৰি দিয়া যুটীয়া সংসদীয় সমিতিয়ে অহা ২৫ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া শুনানিত উপস্থিত থাকিবৰ বাবে ই-মেইলযোগে আমন্ত্রণ জনাইছে। এই কথা সদৰী কৰি ছাত্র সস্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় – ‘অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বিষয়ে স্থায়ী সমাধান নোহােৱালৈকে আলোচনা আৰু আন্দােলন অব্যাহত থাকিব। অসম চুক্তিৰ আধাৰত অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান হ’ব লাগিব। কোনাে পৰিস্থিতিতে ১৯৭১ চনৰ পিচত অহা হিন্দু, মুছলমান অবৈধ বাংলাদেশীৰ বােজা অসমৰ দৰে সৰু ৰাজ্য এখনে ল’ব নােৱাৰে আৰু নলয়। বৰং খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকবচ লাগিব।” শুনানিত অংশগ্রহণ কৰিবলৈ আগ্রহ প্রকাশ কৰা আন আন জনগোষ্ঠীয় সংগঠন, জাতীয় সংগঠন, বিশিষ্ট নাগৰিকসকলকো যুটীয়া সংসদীয় সমিতিয়ে নিজৰ নিজৰ বক্তব্য ৰাখিবলৈ সুবিধা প্রদান কৰিবলৈ ছাত্র সন্থাই আহ্বান জনাইছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment