অসম পাব্লিক ৱৰ্কছে(এ পি ডব্লিউ)ৰ সভাপতি অভিজিৎ শৰ্মাই কালি হিন্দু বাংলাদেশীৰ বিষয়টােত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, দুই মন্ত্রী অতুল বৰা, কেশৱ মহন্ত আৰু আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যক কেতবােৰ সময়োপযোগী প্রশ্নৰে থকা-সৰকা কৰে। অভিজিৎ শৰ্মাই অসম চুক্তিৰ প্ৰসংগ টানি আনি কয় যে চুক্তিখন স্বাক্ষৰ কৰা অগপ দলেই এতিয়া হিন্দু বাংলাদেশীক ৰাজ্যখনত সংস্থাপনৰ বিষয়ত ৰহস্যজনক ভূমিকা গ্রহণ কৰিছে। হিন্দু বাংলাদেশীক সংস্থাপনৰ যিটাে বিষয়ে অসম চুক্তিৰ প্রতি চৰম প্রত্যাহ্বান কঢ়িয়াই আনিছে, সেই হিন্দু বাংলাদেশীৰ বিষয়টােতে দুমুখীয়া নীতি গ্রহণ কৰি আহিছে চৰকাৰৰ দুই মন্ত্রী তথা অগপৰ ভাৰপ্রাপ্ত সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। অভিজিৎ শৰ্মাৰ মতে অগপৰ শীর্ষ নেতাদ্বয়ে তেওঁলোকৰ পতাকাৰ তলত এটা কথা কয় আৰু দিছপুৰত আন এটা কথা কয়। মন্ত্রিত্বৰ লোভত তেওঁলোকে দুমুখীয়া নীতি গ্রহণ কৰি আহিছে বুলি এ পি ডব্লিউৰ সভাপতিজনে অভিযোগ কৰে। সেয়ে অভিজিৎ শৰ্মাই দুখ প্রকাশ কৰি কয় যে তেওঁলোকে যদি অসমলৈ হিন্দু বাংলাদেশী অহাটাে বিচাৰে তেন্তে অসমৰ সাধাৰণ ৰাইজে কি কৰিব। এই চুক্তি ৰূপায়ণ বিচাৰে তেন্তে ২৪ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিব লাগে বুলি দাবী জনায় এ পি ডব্লিউৱে। আনহাতে অসম চুক্তি, এন আৰ চি আৰু হিন্দু বাংলাদেশী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৰুজু হৈ থকা গোচৰৰাে প্ৰসংগ উল্লেখ কৰে এ পি ডব্লিউৰ সভাপতিজনে। তেওঁ কয় যে অসমৰ ভোটাৰ তালিকাত ৪১ লাখ বাংলাদেশী ভোটাৰ থকা বুলি উল্লেখ কৰি এ পি ডব্লিউৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। এই সন্দৰ্ভত ২০০৯ চনৰ ২৮ জুলাইত ২৭৪/২০০৯ নম্বৰৰ এখন ৰাজহুৱা স্বাের্থজনিত আবেদন ৰুজু হৈছিল উচ্চতম ন্যায়ালয়ত। যিটাে গোচৰৰ আঁত ধৰি ৰাজ্যত এন আৰ চি উন্নীতকৰণৰ কাম চলি আছে। অৱশ্যে অসম চুক্তিত এন আৰ চি উন্নীতকৰণৰ কথা নাই বুলি উল্লেখ কৰে অভিজিৎ শৰ্মাই। ২০০৫ চনৰ ৫ মে’ত দিল্লীত অনুষ্ঠিত ত্রিপাক্ষিক বৈঠকৰ সিদ্ধান্তমৰ্মেহে এন আৰ চি উন্নীতকৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। লক্ষণীয়ভাৱে এন আৰ চিৰ এই গোচৰটােৰ পৰৱতী শুনানি অহা ২৬ অক্টোবৰত আছে। কিন্তু অসম চুক্তিক প্রত্যাহ্বান জনাই সন্মিলিত মহাসংঘই ২০১২ চনত ৰুজু কৰা ৫৬২/২০১২ নম্বৰৰ গোচৰৰ লগত সম্পৃক্ত কৰিহে এ পি ডব্লিউৰ গোচৰৰ শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে। এনে প্রেক্ষাপটত অসম চুক্তিৰ স্বাৰ্থ ৰক্ষা হােৱা নাইবা চুক্তিখন সঠিকৰূপে ৰূপায়িত হােৱাত বিষয়টাে সম্প্রতি শতযোজন দূৰত বুলি সংগঠনটােৱে স্পষ্ট কৰি দিয়ে।
Home / হিন্দু বাংলাদেশী
/ ছাদুল্লাহ মুছলিম আনিছিল বাংলাদেশী ,সর্বানন্দই আনিবলৈ ওলাইছে হিন্দু বাংলাদেশী::অভিজিৎ শৰ্মা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment