হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিবলৈ নিদিওঁ :: ছাত্র সস্থা



অসম চুক্তিক উলংঘা কৰি অসমৰ খিলঞ্জীয়া মানুহৰ স্বার্থক জলাঞ্জলি দি হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিবলৈ কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা অভিসন্ধিক ছাত্র সন্থাই ৰাইজৰ সহযোগত দৃঢ়তাৰে বিৰােধিতা কৰি যাবই।ছাত্র সন্থাই হিন্দু বাংলাদেশীৰ বিষয়টােৰ পৰা কোনাে পৰিস্থিতিতে অতিৰি নাহে।--- এই মত প্রকাশ কৰিছে আছুয়ে।লগতে অসম চুক্তি আৰু হিন্দু বাংলাদেশী বিষয়ক লৈ অসম প্রদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাই সদৌ অসম ছাত্র সন্থাক সাঙুৰি কৰা মন্তব্য ভিত্তিহীন ,নীচ ৰাজনৈতিক ষড়যন্ত্রমূলক বুলি মত প্রকাশ কৰিছে আছুয়ে । কংগ্ৰেছ দলৰ এই মন্তব্য ভূতৰ মুখত ৰামনামৰ দৰে হৈছে বুলি দোহাৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে কয়— ছাত্র সন্থাই হিন্দু বাংলাদেশী প্ৰসংগত কেন্দ্রীয় চৰকাৰে প্ৰথম নির্দেশনা জাৰি কৰাৰ সময়তেই ৰাজ্যজুৰি সত্যাগ্ৰহৰ কাৰ্যসূচী গ্রহণ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ত এখন ৰীট আবেদন দাখিল কৰিছিল। গোচৰ তালিকাভূক্ত হৈছিল। এই আবেদন দাখিল কৰাৰ পিচত উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ জৰিয়তে সন্থাই এই বিষয়টােত উচ্চতম ন্যায়ালয়ৰ আন এখন পীঠত এটা গোচৰৰ শুনানি চলি থকাৰ বিষয়ে জানিব পাৰে। একেটা বিষয়ত উচ্চতম ন্যায়ালয়তেই এই গোচৰ চলি থকাৰ বাবে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ পৰামৰ্শমতে সন্থাই ৰীটি আবেদনখন উঠাই লৈ চলি থকা গোচৰটােতে হস্তক্ষেপ আবেদন কৰিবলৈ সিদ্ধান্ত লয়। কংগ্ৰেছ দলৰ অপব্যাখ্যাক ছাত্র সন্থাই স্পষ্টভাৱে নাকচ কৰিছে। বিষয়টাে লৈ অযথা বিভ্রান্তি সৃষ্টিৰে নীচ ৰাজনীতি নকৰিবলৈ ৰিপুণ বৰা তথা কংগ্ৰেছ দলটােক ছাত্র সস্থাই কঠোৰভাৱে সকীয়াই দিছে। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment