ভাৰতে ৰাছিয়াৰ পৰা অতি শক্তিশালী বিমান বিধ্বংসী ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিব::চুক্তিত স্বাক্ষৰ




ভাৰতে ৰাছিয়াৰ পৰা বিমান বিধ্বংসী ক্ষেপণাস্ত্র, ফ্রিগেটছ ক্রয় কৰাৰ লগতে যুটীয়াভাৱে নীে বাহিনীৰ হেলিকপ্টাৰ নিৰ্মাণৰ এক চুক্তিত কালি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি ভাৰতে ৰাছিয়াৰ পৰা “এছ ৪০০ ট্রায়াম্ফ নামৰ অতি শক্তিশালী বিমান বিধ্বংসী ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিব। লং ৰেঞ্জ এয়াৰ ডিফেন্স মিছাইল ছীষ্টেম’ শ্রেণীৰ এই অস্ত্ৰই ৪০০ কিলোমিটাৰৰ ভিতৰত শত্ৰুৰ যুদ্ধ বিমান, ক্ষেপণাস্ত্ৰ আৰু ড্রেন ধ্বংস কৰিব পাৰে। ইয়াৰ উপৰি এডমিৰেল গ্ৰিগৰভিচ ক্লাছ (প্রজেক্ট ১১৩৫৬) মিছাইল বহন কৰিব পৰা চাৰিখন ফ্রিগেট ক্রয়ৰাে চুক্তি স্বাক্ষৰিত হয়। গেমচেঞ্জাৰ হিচাপে পৰিচিত এছ ৪০০ ক্ষেপণাস্ত্ৰ ক্ৰয়ত ভাৰতে ৫ ৰাছিয়াই যুটীয়াভাৱে ২০০ কামভ হেলিকপটাৰ নিৰ্মাণ কৰিব। এই চুক্তি ১ বিলিয়ন মার্কিন ডলাৰৰ। ফ্রান্সৰ সৈতে ৰাফােল যুদ্ধ বিমান ক্রয় চুক্তিৰ পিছত ৰাছিয়াৰ সৈতে ভাৰতে আজি সম্পন্ন কৰা এই চুক্তিয়ে দেশখনক এছিয়া মহাদেশত নিসন্দেহে সামৰিক দিশত শক্তিশালী কৰি তুলিব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment