নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্রতিবাদ কৃষক মুক্তি সংগ্রাম সমিতিৰ ::প্রতিকৃতি দাহ


অসমত ২০ লাখ হিন্দু বাংলাদেশীক বিজেপি চৰকাৰে জাপি দিয়াৰ চেষ্টা চলোৱাৰ প্রতিবাদত কালি কৃষক মুক্তি সংগ্রাম সমিতিয়ে ৰাজ্যজুৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোড়ী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল,নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুৰববী সত্যপাল সিং, আৰু মন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ প্রতিকৃতিৰ লগতে বিধেয়কখনৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্যসকলে অসমধবংসী নাগৰিকত্ব বিধেয়ক প্রত্যাহাৰ কৰিব লাগিব, অসমৰ ওপৰত অবৈধ বাংলাদেশী জাপি দিব বিচৰা নৰেন্দ্ৰ মোড়ী হাঁচিয়াৰ, অসমবিৰােধী ষড়যন্ত্রত লিপ্ত যুটীয়া সমিতিৰ অধ্যক্ষ সত্যপাল সিং মুৰ্দাবাদ, অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ সন্মতি দিয়া সর্বানন্দ সোণোৱাল হাঁচিয়াৰ, অসমক দ্বিতীয় ত্ৰিপুৰা কৰিবলৈ দিয়া নহ’ব, অসমীয়াৰ ঠাইত বাংলা ভাষাক ৰাজ্যভাষা কৰিবলৈ দিয়া নহ’ব, অসমত অসমীয়াৰ স্বার্থ সুৰক্ষিত হ’বই লাগিব আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্রতিবাদী কাৰ্যসূচীৰ নেতৃত্ব বহন কৰা ধৈর্য কোঁৱৰে সংবাদ মাধ্যমৰ আগত কয় যে এই জাতিধ্বংসী বিধেয়কখনে অসমতে অসমীয়াক সংখ্যালঘুত পৰিণত কৰিব, অসমীয়া ভাষাৰ ঠাইত বাংলা ভাষাই ৰাজ্য ভাষাৰ মর্যাদা লাভ কৰিব, ৭.১ চনৰ ভিত্তিবৰ্ষক লৈ প্রস্তুত কৰি থকা অসমবাসীৰ দীর্ঘদিনীয়া জাতীয় স্বপ্ন এন আৰ চিত খেলিমেলি লাগিব, থলুৱা অসমীয়াৰ ৰাজনৈতিক অধিকাৰ বাংলাদেশীৰ হাতলৈ হস্তান্তৰ হ’ব আৰু দিল্লীৰ শোষণ আৰু লুণ্ঠনৰ বিৰুদ্ধে যুঁজাৰ শকতি নাথাকিব। তেওঁ কয় যে বিজেপিৰ সাংসদ সত্যপাল সিঙৰ অধ্যক্ষতাত গঠিত যুটীয়া সংসদীয় সমিতিখনেও ছলে-বলে-কৌশলে বিধেয়কখন অনুমোদিত কৰাৰ বাবে উঠি-পৰি লাগিছে। সমিতিৰ সদস্য পদত থকা অসমৰ চাৰি সাংসদ ভুবনেশ্বৰ কলিতা, ৰমেন ডেকা, কামাখ্যা প্রসাদ তাছা আৰু সুস্মিতা দেৱে জাতীয় দায়িত্ব পালন কৰা নাই।
Share on Google Plus

About Unknown

0 comments:

Post a Comment