এন আৰ চিত ভুৱা প্রমাণ-পত্ৰ ::ঢেকীয়াজুলিত দুজনক গ্রেপ্তাৰ


ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্রক্রিয়াৰ বাবে লোকক জন্মৰ ভুৱা প্রমাণ-পত্ৰ দিয়াৰ অপৰাধত দুই প্ৰৱঞ্চক ক্ৰমে ঢেকীয়াজুলিৰ কাঁঠলুডুব গাঁৱৰ আব্দুল ৰফিক আৰু চেৰফাংগুৰি গাঁৱৰ সোণাৰু হাজোৱাৰীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে'ল- হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য, চেৰফাংগুৰি গাঁৱৰ একাধিক লোকক সোণাৰু হাজোৱাৰীয়ে জন্মৰ প্রমাণ-পত্ৰ যোগান ধৰিছিল। নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ সময়ত এই লোকজনে যোগান ধৰা জন্মৰ প্রমাণ-পত্ৰসমূহ ভুৱা বুলি প্রমাণিত হৈছিল। হাজোৱাৰীৰ বিৰুদ্ধে থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৩১৮/১৬ নম্বৰত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে অপৰাধীজনক গ্রেপ্তাৰ কৰে। একেদৰে ঢেকীয়াজুলি থানা এলেকাৰ কাঁঠলুডুব গাঁৱৰ আব্দুল ৰফিকে বিভিন্ন লোকক জন্মৰ ভুৱা প্রমাণ-পত্ৰ যোগান ধৰিছিল। এই লোকজনৰ বিৰুদ্ধেও ঢেকীয়াজুলি থানাত ৩৯৬/১৬ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তেওঁকো বিচাৰি ফুৰিছিল।



Share on Google Plus

About Unknown

0 comments:

Post a Comment