জেহাদীৰ কূটাঘাতৰ আশংকাকো চেৰ পেলাই শাৰদোৎসৱে মুখৰ কৰি তুলিছে বাংলাদেশক। ইছলাম ধর্মাৱলম্বী সংখ্যাগৰিষ্ঠ হ’লেও চুবুৰীয়া ৰাষ্ট্ৰখনৰ মুঠ ২৯,২৯৫খন মণ্ডপত পূজাৰ অৰ্চনা চলিছে। দৃষ্টিনন্দন শাৰদোৎসৱত মুখৰ বাংলাদেশৰ আলোকসজাই প্ৰতিখন পূজা মণ্ডপ কৰি তুলিছে মায়াময়। পূজাথলী,ৰাজপথত জনজোৱাৰ। লক্ষণীয়ভাৱে এইবাৰ দুর্গোৎসৱৰ ছুটী কটােৱাৰ উদ্দেশ্যে বাংলাদেশলৈ গৈছে বহুসংখ্যক ভাৰতীয় নাগৰিক। ঢাকাৰ পৰা প্রকাশিত এখন সংবাদ-পত্ৰৰ বাতৰিত ভাৰতৰ পেট্রাপোল ক্লীয়াৰিং এজেন্ট ৱেলফেয়াৰ এছ’চিয়েচনৰ সাধাৰণ সম্পাদক কাৰ্তিক চক্ৰৱতীয়ে এই সন্দৰ্ভত দিয়া মন্তব্য— ‘বিগত বছৰবোৰৰ তুলনাত এইবাৰেই বেছিসংখ্যক লোক পূজাৰ সময়ত বাংলাদেশলৈ আহিছে। ভাৰতত জাকজমকতাৰে দীপাৱলী বা কালীপূজা অনুষ্ঠিত হ’লেও দুর্গোৎসৱৰ আড়ম্বৰপূৰ্ণতা বাংলাদেশত বেছি।” উল্লেখ যে ৰাজধানী ঢাকাকে ধৰি বাংলাদেশৰ বিভিন্ন স্থানত প্রতিবছৰে অতি জাকজমকতাৰে পালন কৰা হয় মহিষমৰ্দিনীৰ পূজা। বাংলাদেশ পূজা উদযাপন পৰিষদৰ সাধাৰণ সম্পাদক তপন কুমাৰ পালে জানিবলৈ দিয়া মতে, এইবাৰ মুঠ ২৯,২৯৫খন মণ্ডপত দুর্গাপূজা অনুষ্ঠিত হৈছে। বিগত বৰ্ষতকৈ পূজা আয়ােজক সমিতিৰ সংখ্যা বৃদ্ধি হৈছে তিনি শতাধিক। প্ৰতিখন প্রশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে বুলি তেওঁ সদৰী কৰে। প্রধানতঃ ২০০১ চনৰ পৰাই চুবুৰীয়া ৰাষ্ট্ৰখনত হিন্দু মন্দিৰসমূহ দুৰ্বত্তৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। এই সময়ছোৱাত শতাধিক মন্দিৰত সংঘটিত হৈছে আক্ৰমণৰ দৰে ঘটনা। পিছে পূর্বে উল্লেখ কৰি অহা হৈছে যে এনে ধৰণৰ ঘটনা তথা কূটাঘাতৰ আশংকাই চুবুৰীয়া ৰাষ্ট্ৰখনত ভক্তপ্ৰাণ ৰাইজক অকণো ভীতিবিহ্বল কৰিব পৰা নাই। ইফালে, দুর্গাপূজাৰ মাজতে বাংলাদেশস্থিত ঐতিহ্যমণ্ডিত মন্দিৰসমূহত ভিৰ কৰিছে ভক্তই। তাৰ ভিতৰত ঢাকেশ্বৰী মন্দিৰ অন্যতম।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment