অসম সমবায় ৰেচম প্রতিষ্ঠানৰ ৱেবছাইট মুকলি:: মোবাইল ফোনৰেও কৰিব পাৰিব অৰ্ডাৰ




দেশৰ অনলাইন শ্বপিং মার্কেটৰ প্ৰতিষ্ঠানসমূহৰ লগত সমানে খোজ মিলাই শুৱালকুছিৰ বস্ত্ৰ উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ ভাৰতৰ বিভিন্ন ৰাজ্যৰ গ্রাহকৰ মাজত মেলি দি শুৱালকুছিৰ বস্ত্ৰৰ চাহিদা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি শুৱালকুছিৰ আগশাৰী সমবায়, অসম সমবায় ৰেচম প্রতিষ্ঠানে অনলাইন শ্ব'পিঙৰ বাবে মুকলি কৰিলে এটা ৱেবছাইট। গুৱাহাটী আমবাৰীস্থিত অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালকালয়ৰ সভাগৃহত পাঁচ অক্টোবৰত দিনৰ দুই বজাত যুটীয়া সঞ্চালক গিৰীশ চন্দ্ৰ ব্ৰহ্মই ৱেবছাইটটাে মুকলি কৰে। www.assam silik pratisthan.com ৱেবছাইটটােৰ জৰিয়তে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগত উৎপাদিত সামগ্ৰী যেনে— পাট-মুগাৰ শাড়ী, মেখেলা-চাদৰ, পর্দা, কুছন ক’ভাৰ আদি অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ গ্ৰাহকে উপলব্ধ হ’ব বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। আনকি মোবাইল ফোনৰ জৰিয়তেও বস্ত্ৰ অৰ্ডাৰ কৰিব পাৰিব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment