এখন অর্থপূর্ণ দলিল::ৰাজ্যখনৰ মানৱ উন্নয়নৰ ৰূপৰেখা::প্রত্যেকেই জনাটো উচিত


আমাৰ অসমৰ সম্পাদকীয় (১৬ অক্টোবৰ )::: 
অসম চৰকাৰে অলপতে ৰাজ্যখনৰ মানৱ উন্নয়নৰ ৰূপৰেখাৰে 'Assam Human Development Report, 2014' প্রকাশ কৰি উলিয়াইছে।ইয়াৰ পূর্বে ২০০৩ চনত ৰাজ্যখনৰ প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰি উলিয়াইছিল। আর্থ-সামাজিক আৰু অন্যান্য দিশত দেশৰ বা ৰাজ্যখনৰ মানুহৰ স্থিতি প্রকাশ কৰা হয় এই প্রতিবেদনৰ যোগেদি। ১৯৯০ চনত ৰাষ্ট্র সংঘৰ UNDP নামৰ প্ৰশাখাটােৱে প্ৰথমবাৰৰ বাবে সদস্য ৰাষ্ট্রসমূহৰ মানৱ উন্নয়ন স্থিতি প্রকাশ কৰিছিল আৰু তেতিয়াৰ পৰা প্রতিবছৰে এই প্রতিবেদন প্রকাশ হৈ আহিছে। ভাৰতকে ধৰিবিশ্বৰ বিভিন্ন ৰাষ্ট্রইনিজৰ নিজৰ দেশৰ মানুহৰ উন্নয়নৰ স্থিতি এনে প্রতিবেদনৰ যোগেদি প্রকাশ কৰি আহিছে। মানৱ উন্নয়ন সূচকৰ মূল উপাদান আয় স্বাস্থ্য সেৱা আৰু শিক্ষাৰ উপৰি লিংগ সমতা, পৰিৱেশৰ বহন ক্ষমতা আদিৰ স্থিতিও এই প্রতিবেদনত পৰিসংখ্যাসহকাৰে প্রকাশ কৰা হয়। অসমৰ প্ৰথমখন প্রতিবেদন ৰাজ্য চৰকাৰে নিজাকৈ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ দ্বাৰা প্রকাশ কৰিছিল। সেইখন প্রতিবেদনত মূলতঃ ৰাজ্যৰ মানুহৰ আয়, নিয়োগ, দাৰিদ্ৰ্য, শিক্ষা, সাক্ষৰতা, স্বাস্থ্য আৰু মহিলাৰ উন্নয়নৰ ৰূপৰেখা আগবঢ়োৱা হৈছিল। নতুন প্রতিবেদনখন অসম চৰকাৰে অকলে যুগুতোৱা নাই। ৰাষ্ট্ৰসংঘৰ UNDP আৰু ভাৰতৰ নিটি আয়োগৰ সহযোগত Institute for Human Development সৈতে অসমৰ গবেষণা সংস্থা OKD Institute of Social change and Development দ্বাৰা অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ হৈ প্রতিবেদনখন যুগুতোৱা হৈছে। OKDISCDৰ জয়দীপ বৰুৱাই মুখ্য সমন্বয়ক আৰু লেখক হিচাপে প্রস্তুত কৰি উলিওৱা এইখন প্রতিবেদন এখন কেইবাজনো গৱেষকৰ সমন্বিত প্রয়াসৰ ফল। প্রতিবেদনখনত থকা মুঠ নটা অধ্যায়ত নিয়োগ, আয়, জীৱন ধাৰণৰ মান, সাক্ষৰতা, শিক্ষা, স্বাস্থ্য-পৰিপুষ্টি, লিংগ-স্থিতি, পৰিৱেশৰ বহন ক্ষমতা আৰু মনোগত কল্যাণৰ আভাস সন্নিৱিষ্ট কৰা হৈছে। প্ৰতিটাে দিশৰে পৰিসংখ্যা তথ্য আগবঢ়োৱাৰ লগতে বিশদ ব্যাখ্যাও দিয়া হৈছে। মনোগত কল্যাণৰ বিষয়টােৰ অন্তর্ভুক্তিয়ে প্রতিবেদনখন প্রস্তুত কৰাৰ মূল উদ্দেশ্যক অধিক অর্থপূর্ণ কৰি তুলিছে আৰু এক অনন্য মাত্রা প্রদান কৰিছে। তাৰবাবে প্রস্তুতকৰ্তাসকল নিঃসন্দেহে ধন্যবাদৰ পত্র। তথ্য সমৃদ্ধ এই প্রতিবেদনখনে ভৱিষ্যৎ আঁচনি প্রকল্প গ্ৰহণৰ ক্ষেত্ৰত এক দিগদৰ্শী হিচাপে অৰিহণা যোগাব পাৰিব। দুয়োখন প্রতিবেদনে বিগত এটা দশকত ৰাজ্যখনৰ আর্থ-সামাজিক ক্ষেত্ৰৰ মূল দিশবােৰলৈ কিধৰণৰ পৰিৱর্তন আহিছে নে অপৰিৱর্তিত ৰূপত আছে, উন্নতি হৈছে নে অৱনতি হৈছে তাৰ এটা তুলনামূলক ৰূপৰেখাও স্পষ্ট কৰি তুলিব। উদাহৰণস্বৰূপে, নতুন প্রতিবেদনখন প্রকাশ হােৱাৰ লগে লগে সমগ্র বিশ্বই এটা খবৰ পালে যে অসম নিন্ন মানৱ উন্নয়ন স্থিতিৰ পৰা আহি এতিয়া মধ্যমীয়া মানৱ উন্নয়ন স্থিতিত উপনীত হৈছে। ২০০৩ চনত অসমৰ মানৱ উন্নয়নৰ সূচাংক আছিল ০.৪০৭, নতুন প্রতিবেদন মতে এই পৰিসংখ্যা এতিয়া ০.৫৫৭ হৈছে। ই নিঃসন্দেহে এটা সুখবৰ। অৱশ্যে, প্ৰতিটাে ক্ষেত্ৰতে এতিয়াও বহু অভাৱ আছে, সমস্যা আছে আৰু কৰিবলগীয়া বহু প্রয়োজনীয় কাম আছে। নিজৰ দুৰ্বলতাসমূহ চিনাক্ত কৰি উলিয়াব পৰাটােতেই প্রতিবেদনখনৰ সফলতা নিৰ্ভৰ কৰিছে। অৱশ্যে, সম্পূর্ণ সফলতা তেতিয়া আহিব, যেতিয়া অভাৱ-অভিযোগসমূহ দূৰীকৰণার্থে কর্তৃপক্ষই সুদৃঢ় পদক্ষেপ লৈ তাক ৰূপায়িত কৰিব। সেয়ে হ’লেও, প্রতিবেদনখন হৈছে এখন "দলিল”। ৰাজ্যখনৰ মানুহৰ জীৱনৰ বিভিন্ন দিশৰ স্থিতি উন্মোচিত কৰা এই প্রতিবেদনখন কিন্তু আমাৰ ৰাজনৈতিক নেতা-প্রতিনিধি (বিৰোধী দলসমূহেও), মন্ত্রী-বিধায়কসকলেও বিতংকৈ পঢ়া উচিত। নীতি-নির্ধািৰকৰ লগতে সমাজসেৱক, বুদ্ধিজীৱী তথা নিজকে সজাগ-সচেতন ব্যক্তি বুলি ভবা প্রত্যেকেই এইখন পঢ়া উচিত। অসমে এনে এখন তথ্য-গধূৰ প্রতিবেদন প্রকাশ কৰি উলিয়াব পৰাটােৱেই অতি গুৰুত্বপূর্ণকথা। এতিয়া প্রকৃতাৰ্থত এই প্রতিবেদন ব্যৱহাৰ কৰা নহ’লে ইয়াৰ প্রকাশ হ’ব অর্থশূন্য।

Share on Google Plus

About Unknown

0 comments:

Post a Comment