৫ কোটি টকাৰ ড্রাগছ কৃষক মুক্তিৰ নেতাৰ ভাড়াঘৰত জব্দ :: ডিব্ৰুগড়ত তীব্র চাঞ্চল্য




কৃষক মুক্তি সংগ্রাম সমিতিৰ ডিব্ৰুগড় নগৰ সমিতিৰ সাধাৰণ সম্পাদক তাজউদ্দিন আহমেদৰ বৃহৎ অট্টালিকাটােৰ দ্বিতীয় মহলাত ভাড়া কৰি থকা ছর্বেক আহমেদ নামৰ এজন যুৱকৰ কোঠাৰ পৰা আৰক্ষীয়ে ৪ কিলোগ্রাম ব্রাউন ছুগাৰ আৰু ১ কিলোগ্রাম হেৰাইন কালি জব্দ কৰে। অৱশ্যে আৰক্ষীয়ে অভিযান চলোৱাৰ পূর্বেই মূল অভিযুক্ত ছর্বেক নিৰাপদ স্থানলৈ আঁতৰি যোৱাত আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম নহ’ল। কৃষক মুক্তিৰ নগৰ সমিতিৰ সাধাৰণ সম্পাদকৰ ভাড়া ঘৰতে কুখ্যাত বেপাৰীয়ে ঘাটি পাতি নিষিদ্ধ ঘোষিত ড্রাগছৰ বেহা চলাই অহাটােৱে স্বাভাৱিকতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছর্বেক আহমেদ নামৰ কুখ্যাত ড্রাগছ বেপাৰীটােৰ ডিব্ৰুগড় নতুন বজাৰত উপহাৰ সামগ্ৰীৰ এখন দােকান আছে। ব্যৱসায়ীৰ ছদ্মবেশত কৃষক মুক্তিৰ নেতাৰ ঘৰত যোৱা দুবছৰে ঘাটি পাতি ছর্বেকে ড্রাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত ছর্বেকৰ বনকৰা মহিলা চাব্ৰাতুন ওৰফে মামণি বেগম ছর্বেকৰ কক্ষত উপস্থিত আছিল। আৰক্ষীয়ে সোধ-পোছাৰ বাবে বনকৰা মহিলাগৰাকীৰ উপৰি কৃষক নেতা তথা প্রতিষ্ঠিত বস্ত্ৰ ব্যৱসায়ী আৰু ছর্বেকৰ ভাড়াতীয়া ঘৰৰ মালিক তাজউদ্দিন আহমেদকে সোধা-পোছাৰ বাবে আটক কৰিছে। আৰক্ষীৰ জেৰাত আৰিফে ছর্বেকৰ প্রকৃত ঘৰ অৰুণাচল প্রদেশত বুলি জানিবলৈ দিয়ে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment