ডাঃ জীৱন দত্ত বৰুৱা
অসমীয়া মানুহে পাৰ চৰাইৰ মাংস খাই ভাল পায়৷ সেই কাৰণেই চাগৈ অসমত যথেষ্ট পৰিমাণৰ পাৰ থাকিলেও মুকলি ঠাইত জাকে জাকে পাৰ দেখা নাযায়৷ ভাৰতৰ আন আন ঠাইত সাধাৰণতে মানুহে পাৰৰ মাংস নেখায়৷ সেই ঠাইবোৰত ৰাজহুৱা স্হান আৰু মন্দিৰৰ আশে-পাশে জাক জাক পাৰ চৰাই দেখা যায়৷ বহুতেই পাৰক আহাৰ খুৱাই আনন্দ লাভ কৰে৷ আহাৰৰ সন্ধানত পাৰবোৰ দূৰ-দূৰণিলৈ যাব নালাগে৷ পাৰৰ জাকবোৰ দেখি সঁচাকৈয়ে ভাল লাগে৷ কিন্তু কোনেও ভবা নাই যে পাৰৰ বিষ্ঠাই মানুহৰ হাঁওফাঁওত ৰোগ সৃষ্টি কৰিব পাৰে৷ হায়দৰাবাদৰ শ্রীধৰ ৰাওৰ মাকৰ কথাই উল্লেখ কৰা যাওক৷ তেওঁৰ প্রায়েই শ্বাস-প্রশ্বাস লোৱাত অত্যধিক কষ্ট হয়৷ চিকিৎসকৰ ওচৰলৈ তেওঁক নিয়া হ’ল৷ তেওঁৰ এনে কষ্টৰ কাৰণ নির্ণয় কৰিব পৰা নগ’ল৷ অৱশেষত শ্বাসতন্ত্রৰ ৰোগৰ বিশেষজ্ঞ এজনৰ ওচৰলৈ তেওঁক লৈ যোৱা হয়৷ মাকৰ শাৰীৰিক পৰীক্ষা কৰি উঠি সুধিলে, আপুনি সঘনে পাৰ চৰাইৰ সংস্পর্শলৈ আহে নেকি? শ্রীধৰৰ মাকে ক’লে যে তেওঁ বহুতো পাৰ জাক পাতি থকা ঠাই এডোখৰলৈ যায় আৰু পাৰক আহাৰ খুৱায়৷ চিকিৎসকে তেওঁৰ দৰব-পাতিৰ পৰামর্শ নিদিলে৷ মাথোন শ্রীধৰক ক’লে, মাকে যাতে পাৰ চৰাই গোট খোৱা ঠাইলৈ নেযায়, ব্যৱস্হা কৰিব লাগে৷ চিকিৎসকৰ পৰামর্শ মতে ব্যৱস্হা লোৱা হ’ল৷ কোনো দৰব নোখোৱাকৈ মাকৰ অসুখ নিৰাময় হ’ল৷
কি হৈছিল শ্রীধৰৰ মাকৰ? হায়দৰাবাদ এপল’ হস্পিটেলৰ শ্বাসতন্ত্র ৰোগ বিশেষজ্ঞ ডাঃ বিজয় কুমাৰ চেন্নামচেট্টিৰ মতে শ্রীধৰৰ মাকৰ হাঁওফাঁওত অতি সংবেদনশীল এলার্জীজনিত প্রদাহ হৈছে৷ পাৰ চৰাইৰ বিষ্ঠাই এই ৰোগৰ সৃষ্টি কৰে৷ পাৰ চৰাইৰ বিষ্ঠাত এলার্জী সৃষ্টিকাৰী দ্রব্য থাকে৷ এইৰোগ আৰু হাঁওফাঁওৰ বীজাণুজনিত প্রদাহৰ লক্ষণসমূহ একেধৰণৰ৷ সেইবাবেই সাধাৰণতে চিকিৎসকসকল ৰোগৰসঠিক নির্ণয় কৰাত অসুবিধা হয়৷ সাধাৰণতে ভাইৰাছজনিত সংক্রমণ অথবা অপ্রতিৰূপী প্রদাহ বুলি ভবা হয়৷ লক্ষণসমূহ হ’ল জ্বৰ, কাহ, মাংসপেশীৰ প্রদাহ, সন্ধিত বিষ আৰু উশাহ চুটি হোৱা৷
পাৰ চৰাইৰ বিষ্ঠাজনিত হাঁওফাঁওৰ এলার্জী সম্পর্কত ভালেমান অধ্যয়ন কৰা হৈছে৷ দিল্লীৰ বল্লভভাই পেটেল বক্ষৰোগ প্রতিষ্ঠানত এনেধৰণৰ অধ্যয়ন কৰা হৈছে৷ এই অধ্যয়নত পোৱা গৈছে যে ধূমপায়ীসকলৰ ক্ষেত্রত সাধাৰণতে এই ৰোগ নহয়৷ ইয়াৰ কাৰণ নির্ণিত হোৱা নাই৷ তদুপৰি ধূমপানে হাঁওফাঁওৰ কেন৲ছাৰ, হূদৰোগ, উচচ ৰত্তুচাপ আদিৰ সৃষ্টি কৰে৷ সেইবাবে ধূমপানৰ পৃষ্ঠপোষকতা কৰিব নোৱাৰি৷
দেখা যায় যে সাধাৰণতে নগৰীয়া অঞ্চলত এই ৰোগৰ প্রাদুর্ৱ অধিক৷ কাৰণ, জাক জাক পাৰৰ সংস্পর্শলৈ অহাৰ পৰিৱেশ নগৰ অঞ্চলতহে অধিক৷ পাৰ চৰাইৰ সৈতে ধর্মীয় বিশ্বাসজড়িত হৈ থকা বাবে বিভিন্ন স্হানত পাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ সুবিধা দিয়ে৷ পাৰ চৰাইক নিয়মিতভাৱে আহাৰ খুবাবলৈ যথেষ্ট মানুহ আহে৷ পাৰ চৰাই গোট খোৱা ঠাইৰ আশে-পাশে পাৰৰ আহাৰ বিক্রী কৰা দোকান উপলব্ধ৷ সাধাৰণতে চাউল, গম, বজ্রা, মাহজাতীয় খাদ্য আদি দোকানবোৰত পোৱা যায়৷ পাৰ গোট খোৱা স্হানবোৰত সিহঁতে অপর্প্ত বিষ্ঠা ত্যাগ কৰে৷ সেইবোৰ শুকালে বিষ্ঠাত থকা এলার্জী সৃষ্টিকাৰী দ্রব্য বতাহত উৰি ফুৰে৷ উশাহ লওঁতে এনে দ্রব্য হাঁওফাঁওত সোমায়৷ সেই দ্রব্যই হঁাওফাঁওত এলার্জীজনিত প্রদাহৰ সৃষ্টি কৰে৷ এইক্ষেত্রত চিকিৎসকৰ পৰামর্শ হ’ল পাৰ গোট খোৱা ঠাইলৈ পৰাপক্ষত যাব নেলাগে৷
অসমৰ গাঁও অঞ্চলত প্রায় প্রতিঘৰতে পাৰ চৰাই পোহা হয়৷ ইয়াৰ ফলত পাৰৰ বিষ্ঠাজনিত হাঁওফাঁও প্রদাহ হোৱাৰ সম্ভাৱনা থাকে৷ অসমত এই ৰোগ সম্পর্কত অধ্যয়ন পৰিলক্ষিত হোৱা নাই৷ গতিকে অসমত এই ৰোগৰ প্রাদুর্ৱ কিমান সেই কথা জানিব পৰা হোৱা নাই৷ চিকিৎসকসকলে, বিশেষকৈ হাঁওফাঁওৰ এলার্জীজনিত প্রদাহ সম্পর্কত বিশদ অধ্যয়ন কৰাটো প্রয়োজনীয় কথা৷
(লেখক অৱসৰপ্রাপ্ত জ্যেষ্ঠ চিকিৎসক)
0 comments:
Post a Comment